নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ধুবুৰীৰ শাক-পাচলিৰ বজাৰত এতিয়া যেন জুই লাগিছে। বানৰ গইনা লৈ ধুবুৰীত বিগত ৩-৪ দিনৰ পৰা প্ৰতিবিধ শাক-পাচলিৰ খুচুৰা দাম ক্ৰমশঃ ঊৰ্ধ্বগামী হ’বলৈ লোৱা দেখা গৈছে। ফলত কোনো মধ্যভোগী চক্ৰৰ বাবে নিশাটোৰ ভিতৰতে শাক-পাচলিৰ খুচুৰা দাম অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপিত হৈছে। আজিৰ দিনটোত ধুবুৰী চহৰৰ নিউমাৰ্কেটৰ শাক-পাচলিৰ বজাৰত প্ৰতি কেজি বিলাহীৰ খুচুৰা মূল্য শতকৰ ঘৰ স্পৰ্শ কৰাৰ পিনে গতি কৰিছে। বজাৰখনত প্ৰতি কেজি বিলাহীৰ মূল্য ৯০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে জিকাৰ খুচুৰা মূল্য হৈছেগৈ কেজিপতি ৮০ টকা। আনহাতে, লেচেৰাৰ খুচুৰা মূল্য কেজিত ৮০ টকালৈ বৃদ্ধি পাইছে। পটলৰ খুচুৰা মূল্য প্ৰতি কেজিত ৬০ টকা হৈছে। অনুৰূপ ধৰণে অমিতা কেজিপতি ৪০ টকা, বন্ধাকবি ৫০ টকা, বেঙেনা ৬০ টকা আৰু গাজৰৰ খুচুৰা মূল্য হৈছে কেজিপতি ৫০ টকা। আনহাতে, এডাল কচুৰ দাম হৈছেগৈ ৬০ ৰ পৰা ৮০ ( আকাৰভেদে), আঠিয়া কলৰ কলডিল এটাৰ দাম হৈছে ৫০ৰ পৰা ৭০ টকা, প্ৰতিটো নেমুৰ দাম বৃদ্ধি পাইছে ২.৫০ টকালৈ। বৰ্তমানে ধুবুৰীত জলকীয়াৰ খুচুৰা মূল্যও ঊৰ্ধ্বগামী হ’বলৈ লোৱা দেখা গৈছে। জলকীয়াৰ খুচুৰা মূল্য বৰ্তমানে হৈছে কেজিপতি ৮০ টকা। ইপিনে, বজাৰৰ শাক–পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিত ধুবুৰীৰ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি মূল্যবৃদ্ধিৰ জুয়ে সৰ্বসাধাৰণক দহিবলৈ লৈছে যদিও বিষয়টোক লৈ প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধিকে ধৰি ৰাজনৈতিক আৰু অৰাজনৈতিক দলসমূহে চকু মুদা কুলিও ভাও জোৰাৰো অভিযোগ উত্থাপিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী