উত্তৰাখণ্ডত মুষলধাৰ বৃষ্টিৰ বাবে বন্ধ কেদাৰনাথ যাত্রা
বিশেষ বাৰ্তা, ২৫ জুনঃ মুষলধাৰ বৃষ্টিপাতৰ বাবে স্তব্ধ হ’ল কেদাৰনাথ যাত্রা ৷ উত্তৰাখণ্ডৰ ৰুদ্রপ্রয়াগ জিলাত প্রবল বৃষ্টিপাতৰ বাবে আজি বন্ধ ৰখা হৈছে তীর্থযাত্রা ৷ পৰৱর্তী নির্দেশনা নোলোৱা পর্যন্ত এই যাত্রা বন্ধ থাকিব বুলি ঘোষণা কৰিছে প্রশাসনে ৷ উল্লেখনীয় যে ফোন প্রয়াগত বন্ধ কৰা হৈছে এই যাত্রা ৷ এই কথা সংবাদ মাধ্যমক জনাইছে ৰুদ্র প্রয়াগৰ জিলা দণ্ডাধীশ ময়ূৰ দীক্ষিতে ৷ জিলা দুর্যোগ ব্যৱস্থাপনা বাহিনীয়ে সদৰী কৰা অনুসৰি, গৌৰীকুন্দৰ পৰা কেদাৰনাথৰ মাজত আজি পুৱাৰে পৰা মুষলধাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ বাবেই কেদাৰনাথ যাত্রা বন্ধ ৰখাৰ সিদ্ধান্ত লয় প্রশাসনে ৷ ইফালে, মুখ্যমন্ত্রীয়ে প্রবল বৃষ্টিপাতৰ সময়ত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দুর্যোগ ব্যৱস্থা বাহিনীক নির্দেশ দিছে ৷