নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত লেখক ডাঃ লক্ষ্মীকান্ত চুতীয়াৰ নামত প্ৰেক্ষাগৃহ নামকৰণ

📌 কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

বিশেষ বাৰ্তা, ২৫ জুনঃ মৰিয়নিৰ নাগাজাংকা ন-গাঁ‌ৱত অৱস্থিত জ্ঞানোদয় পুথিভঁৰালৰ প্ৰেক্ষাগৃহটো আজি বিশিষ্ট সমাজসেৱক, সৰবৰহী চিকিৎসক ডাঃ লক্ষ্মীকান্ত চুতীয়াৰ নামেৰে নামকৰণ কৰাৰ লগতে ৰাইজৰ বাবে উচৰ্গা কৰা হয়। এই উপলক্ষে শিক্ষক তৰুণ দত্তৰ সভাপতিত্বত জ্ঞানোদয় পুথিভঁ‌ৰাল প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। জ্ঞানোদয় পুথিভঁ‌ৰালৰ সম্পাদক প্ৰদীপ কুৰ্মীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ডাঃ লক্ষ্মীকান্ত চুতীয়া আৰু প্ৰয়াত খগেন শইকীয়াৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰা হয় । ইয়াৰ পাছতে জ্ঞানোদয় মইনা পাৰিজাতৰ মইনাসকলে এটি সমৱেত সংগীত পৰিৱেশন কৰে। সভাত সমাজসেৱক প্ৰভাত গগৈয়ে ডাঃ লক্ষ্মীকান্ত চুতীয়াৰ বিষয়ে উল্লেখ কৰি কয়- তেওঁ ষাঠিৰ দশকতে অঞ্চলটোত পুথিভঁ‌ৰাল স্থাপন কৰাৰ লগতে প্ৰায় সকলো অনুষ্ঠানৰ গুৰি ধৰোঁতা আছিল । তেনে এগৰাকী মহান ব্যক্তিৰ প্ৰতি সন্মানাৰ্থে অঞ্চলটোৰ পুথিভঁ‌ৰালৰ প্ৰেক্ষাগৃহৰ নাম চিকিৎসকগৰাকীৰ নামেৰে হোৱাটো অঞ্চলটোৰ বাবে এক ইতিবাচক কাম বুলি উল্লেখ কৰে । প্ৰেক্ষাগৃহ উৎসৰ্গিত অনু্ষ্ঠানত ডাঃ লক্ষ্মীকান্ত চুতীয়াৰ ভাতৃ বিমান চুতীয়া, ভাই বোৱাৰী নৱলক্ষ্মী চুতীয়া, কনিষ্ঠ পুত্ৰ তথা শিক্ষক বিশ্বজিৎ চুতীয়া, শিক্ষয়িত্ৰী বোৱাৰী পূৰৱী চুতীয়া আৰু জংঘলব্লক হাইস্কুলৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱাই বন্তি প্ৰজ্বলন কৰে আৰু বিমান চুতীয়াই আঁ‌ৰ কাপোৰ আঁতৰাই প্ৰেক্ষাগৃহটো ৰাইজৰ নামত উৰ্ৎসগা কৰে। সভাখনত কেইবাগৰাকীও বক্তাই বক্তব্য প্ৰদান কৰাৰ উপৰি প্ৰয়াত চিকিৎসক ডাঃ চুতীয়াৰ কনিষ্ঠ পুত্ৰ বিশ্বজিৎ চুতীয়াই বক্তব্য ৰাখি ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । আনহাতে, এই সভাতে প্ৰকাশ গগৈয়ে আঁত ধৰা এক অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ১৪গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত তিতাবৰ নবোদয় বিদ্যালয়ৰ পৰা চিত্ৰাংকনত পুৰস্কাৰ পাবলৈ সক্ষম হোৱা প্ৰিয়ংকা কুৰ্মীক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোত সমাজকৰ্মী ফনী গগৈ, কৃতী শিক্ষক নগেন গগৈ, অৱসৰপ্ৰাপ্ত সৈনিক যাদৱ হাজৰিকা, দ্বীজেন বৰঠাকুৰ, সৰ্বেশ্বৰ কোচ, মাধৱ হাজৰিকা, ব্ৰজেন চুতীয়া, বীৰবল কুৰ্মী আদিয়ে বক্তব্য প্ৰদান কৰে । জ্ঞানোদয় পুথিভঁৰালৰ সভাপতি বিদ্যুত চুতীয়াই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like