নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্ৰ ৰক্ষাৰ বাবে ত্যাগ স্বীকাৰ কৰা লোকতন্ত্ৰৰ সেনানীসকল সকলোৰে বাবে প্ৰেৰণাৰ উৎস- মুখ্যমন্ত্ৰী ড০ শৰ্মা

🔹 লোকতন্ত্ৰৰ সেনানীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
🔹 জৰুৰীকালীন অৱস্থা ঘোষণা কৰা দিনটো ভাৰতবৰ্ষৰ বাবে এক ক’লা দিন- ড০ শৰ্মা
বিশেষ বাৰ্তা, ২৫ জুনঃ দেশৰ জৰুৰীকালীন অৱস্থাত লোকতন্ত্ৰ ৰক্ষাৰ বাবে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা, বৰ্তমান প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস অসমৰ তিনি শতাধিক সেনানীক সন্মান জনাবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত ৩০১গৰাকী লোকতন্ত্ৰৰ সেনানী তথা তেওঁলোকৰ নিকটাত্মীয়ক সম্বৰ্ধনা জনোৱাৰ লগতে ইয়াৰে ৯১গৰাকীক পেন্সন প্রদান কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত আজিৰ দিনটোৰ এক সুকীয়া তাৎপৰ্য আছে। তেওঁ কয় যে সাধাৰণতে ইতিহাসৰ তাৎপৰ্যপূৰ্ণ দিনটো ইতিবাচক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হয়। ১৯৭৫ চনৰ ২৫ জুন দিনটো ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক আটাইতকৈ ক’লা দিন বা অন্ধকাৰৰ দিন ৰূপে বিশ্লেষণ কৰা হয়। ভাৰতীয় সভ্যতা-সংস্কৃতিৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু গণতান্ত্ৰিক প্রমূল্যবোধক ভূলুঠিত কৰা সেই সময় আছিল দেশৰ ইতিহাসৰ আটাইতকৈ ক’লা অধ্যায় বুলি তেওঁ কয়। প্ৰাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অনুমোদনৰ ভিত্তিত তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ আগতে কেবিনেটৰ অনুমোদনৰ প্রয়োজন হয়। সাংবিধানিক আৰু গণতান্ত্ৰিক বিধি-বিধান পালন নকৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা বাবে ইয়াক ক’লা দিন হিচাপে অভিহিত কৰা হয় বুলি তেওঁ কয়। দেশত গণতন্ত্ৰ পুনৰ প্রতিষ্ঠা কৰিবলৈ লক্ষ লক্ষ দেশপ্ৰেমিক সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু তেওঁলোকে মৰণপণ যুঁজ দিছিল। সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ অমানৱীয় আতিশয্যৰ ওচৰত শিৰনত নকৰি বহু মহান ভাৰতীয়ই ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি কাৰাবাসত দিন কটাইছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়।
আমাৰ ৰাজ্যখনৰ বহু দেশপ্ৰেমিক আৰু লোকতন্ত্ৰৰ সেনানীসকলে তদানীন্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্বৈৰাচাৰিতা আৰু একনায়কত্ববাদিতাৰ বিৰোধিতা কৰি দেশৰ গণতন্ত্ৰক পুনৰ প্রতিষ্ঠাৰ বাবে সংগ্ৰামত নামি পৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই মহান দেশপ্ৰেমিকসকলৰ ত্যাগ আৰু সংগ্ৰামৰ ফলত এবছৰ ন মাহ পিছত ১৯৭৭ চনৰ ২১ মাৰ্চত ভাৰতবৰ্ষই গণতন্ত্ৰ পুনৰ ওভতাই পাইছিল। যিসকল সেনানীৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলত দেশে জৰুৰীকালীন অৱস্থাৰ পৰা নিজক ওভতাই আনিবলৈ সক্ষম হৈছিল, সেই লোকতন্ত্ৰৰ সেনানীসকল সুদীৰ্ঘকাল উপেক্ষিত হৈ আছিল বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে আজি স্বাধীনতাৰ অমৃত কালত কৃতজ্ঞ অসমীয়া জাতিয়ে গণতন্ত্ৰৰ সেনানীসকলক উপযুক্ত মৰ্যাদা প্ৰদান কৰিবলৈ লোকতন্ত্ৰৰ সেনানীসকলক সম্বৰ্ধনা জনোৱা হৈছে। যোৱা ১৯ এপ্রিলত অনুষ্ঠিত হোৱা কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে যিসকল গণতন্ত্ৰৰ সেনানীয়ে কাৰাবাস খাটিবলগীয়া হৈছিল, তেওঁলোকক মাহিলি পেন্সন হিচাপে ১৫ হাজাৰ টকাকৈ প্রদান কৰা হ’ব। যদি কোনো লোকতন্ত্ৰৰ সেনানীৰ দেহাৱসান হৈছে, তেনে পৰিস্থিতিত তেওঁৰ পত্নী অথবা পত্নীৰ অবৰ্তমানত তেওঁৰ অবিবাহিত কন্যাক পেন্সন প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে যি ৩০০ সেনানী কাৰাৰুদ্ধ হৈছিল, তেওঁলোকক সন্মান পত্ৰ আৰু ৯১গৰাকী লোকতন্ত্ৰৰ সেনানী অথবা তেওঁলোকৰ অবৰ্তমানত নিকটাত্মীয়ক মাহিলি ১৫ হাজাৰ টকাকৈ পেন্সন দিয়াৰ ব্যৱস্থা কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে শত সহস্ৰ ভাৰতীয়ৰ চৰম ত্যাগ, সাহস আৰু আত্মবলিদানৰ ফলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অৱসান ঘটাই আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। দেশে স্বৰাজ লাভ কৰাৰ পাছত সেই স্বৰাজৰ সুফল দেশৰ সৰ্বসাধাৰণ জনতালৈ প্রসাৰিত কৰিবলৈ দেশৰ মুক্তিযোদ্ধাসকলে আৰু দেশৰ সংবিধান প্ৰণেতাসকলে দেশখনক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ মৰণপণ কৰিছিল। বহু জাতি-বৰ্ণ আৰু ভাষাৰ দেশ ভাৰতবৰ্ষত বৈচিত্ৰ্যৰ মাজত ঐক্য বৰ্তাই ৰাখিবলৈ গণতান্ত্ৰিক প্রমূল্যবোধ আধাৰিত এক ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলাৰ বাবে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল। ভাৰতীয় সংবিধানৰ ৰূপকাৰ ড০ বি আৰ আম্বেদকাৰে দেশত সামাজিক গণতন্ত্ৰৰ পোষকতা কৰিছিল, য’ত স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধকে ভাৰতীয়ৰ জীৱনৰ মূলমন্ত্ৰ হিচাপে গণ্য কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে দেশত আৱহমান কালৰে পৰা গণতান্ত্ৰিক প্রমূল্যবোধে বিৰাজ কৰি আহিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষাত আমাৰ দেশ গণতন্ত্ৰৰ জননী। ভাৰতবৰ্ষৰ প্রাচীন এই গণতান্ত্ৰিক প্রমূল্যবোধ প্রথমবাৰৰ বাবে ভূলুণ্ঠিত হৈছিল পৰাধীন ভাৰতত। তেতিয়া ইংৰাজে ভাৰতবৰ্ষ দখল কৰিছিল। দ্বিতীয়বাৰ এই প্ৰমূল্যবোধ ভৰিৰে মোহাৰি গণতন্ত্ৰক হত্যা কৰাৰ অভিসন্ধি ৰচিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে ৷ অপশাসনক সুৰক্ষা প্রদান কৰিবলৈ বহু একনায়কত্ববাদী ৰাষ্ট্ৰনেতাই গণতান্ত্ৰিক প্ৰমূল্যবোধত বিশ্বাসী ৰাজনৈতিক প্ৰতিপক্ষক বন্ধ কুঠৰীলৈ প্ৰেৰণ কৰাৰ অলেখ উদাহৰণ আছে। কিন্তু পৰম্পৰাগত গণতান্ত্ৰিক মূল্যবোধত বিশ্বাসী ভাৰতবৰ্ষতো ইন্দিৰা গান্ধীয়ে বিৰোধীৰ সকলো নেতাৰ কণ্ঠ ৰোধ কৰা দুষ্কাৰ্যই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছিল বুলি তেওঁ কয়।

        মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৭৫ চনৰ ২৫ জুনৰ মাজনিশাৰ পৰা দেশত যি জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰা হৈছিল, তাৰ কাৰণ কোনো হিংসাত্মক ৰাজনৈতিক কাৰ্যকলাপ নাছিল বা কোনো ৰাজদ্ৰোহৰ বাবে এই জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰা হোৱা নাছিল। সেই জৰুৰীকালীন অৱস্থা আছিল ইন্দিৰা গান্ধীৰ আক্ৰোশ তথা ব্যক্তিগত ৰাজনৈতিক ক্ষমতাসৰ্বস্বতাৰ বহিঃপ্রকাশ। মুখ্যমন্ত্ৰীয়ে কয় যে যি কংগ্ৰেছ দলে মহাত্মা গান্ধীৰ নেতৃত্বত ইংৰাজৰ শাসন ওফৰাই দেশত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ কামত ব্ৰতী হৈছিল, যি কংগ্ৰেছে স্বৰাজ আন্দোলনত দেশৰ লাখ লাখ জনতাৰ সমৰ্থন আদায় কৰিছিল, ইন্দিৰা গান্ধীৰ আমোলৰ পৰা সেই কংগ্ৰেছে গান্ধী পৰিয়ালৰ বহতীয়া হৈ কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু দেশত গণতন্ত্ৰক বাৰে বাৰে কুঠাৰাঘাত কৰিছে। ইন্দিৰা গান্ধী আৰু তেওঁৰ পৰিয়ালৰ কংগ্ৰেছৰ অনুগতসকলে সেই সময়ত চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰেৰে প্ৰায়বোৰ বিৰোধী নেতা-নেত্ৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ গইনা লৈ ইন্দিৰা গান্ধীয়ে তেওঁৰ বিৰোধীসকলৰ বিৰুদ্ধে প্ৰতিশোধপৰায়ণ হৈ উঠাৰ কাৰণ আছিল তেওঁৰ হতাশা আৰু এটা গভীৰ ন্যায়িক তথা ৰাজনৈতিক সমস্যাৰ পৰা উদ্ভৱ হোৱা আশংকা।
মুখ্যমন্ত্ৰীয়ে কয় যে জৰুৰীকালীন সময়ছোৱাত সংবাদ পত্ৰৰ কণ্ঠ ৰোধ কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ কলংকিত সময়ছোৱাত অসমতো সেই সময়ত কংগ্ৰেছ চৰকাৰৰ বহুকেইজন নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। সেই সময়ত আমাৰ লোকতন্ত্ৰৰ সেনানীসকলে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে জঁপিয়াই পৰিছিল। দেশত যাতে পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব নোৱাৰে, সেই দিশত লোকতন্ত্ৰৰ সেনানীসকলে এক অভেদ্য ৰক্ষাকৱচ ভাৰতবাসীক দি গৈছে। তেওঁ কয় যে লোকতন্ত্ৰই হওক অথবা বাংলাদেশ যুদ্ধৰ সময়ত অংশগ্ৰহণ কৰা সেনানীসকল আমাৰ শৌৰ্য-বীৰ্য আৰু গৌৰৱৰ প্রতীক। লোকতন্ত্ৰৰ সেনানীসকলক ভৱিষ্যতে তাম্ৰপত্ৰ প্ৰদানৰ বিষয়টোও ৰাজ্য চৰকাৰে চিন্তা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
আজিৰ এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, অশোক সিংহল, সাংসদ কুইন ওজা, বিধায়কসকল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, লোকতন্ত্ৰৰ সেনানীসকল আৰু তেওঁলোকৰ নিকটাত্মীয় শীৰ্ষ বিষয়া তথা অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

You might also like