আজি ২৬ জুন, আহাৰ মাহৰ ১০ তাৰিখ
সোমবাৰঃ তিথি–শুক্লা অষ্টমী, নক্ষত্রঃ উত্তৰফাল্গুনী, যাত্রাঃ নাই
মেষঃ স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব ৷ মানসিক অস্থিৰতাৰ যোগ ৷ প্রেমত শুভ ফল ৷ নতুন কামৰ সুযোগ আহিব পাৰে ৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে ৷ শুভ ৰং মাখন ৷ শুভ সংখ্যা ৫ ৷
বৃষঃ অতিৰিক্ত কোনো ব্যৱসায়ৰ বাবে আলোচনা হ’ব পাৰে ৷ অন্য কামত ঝামেলা বাঢ়িব পাৰে ৷ কামৰ ভাল সুযোগ আহিব পাৰে ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ২ ৷
মিথুনঃ ঘৰুৱা দিশত খৰচৰ বাবে স্ত্রীৰ লগত বিবাদ হ’ব ৷ মাতৃৰ শৰীৰক লৈ চিন্তা বৃদ্ধি ৷ চিকিৎসা সংক্রান্তীয় কামৰ বাবে গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ’ব ৷ শুভ ৰং গুলপীয়া ৷ শুভ সংখ্যা ৪ ৷
কর্কটঃ বন্ধুৰ লগত ভ্রমণৰ সুযোগ দেখা যায় ৷ পুৱাৰ পৰা স্বাস্থ্যৰ অশান্তি হ’ব পাৰে ৷ মূৰৰ যন্ত্রণা বৃদ্ধি ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৭ ৷
সিংহঃ ব্যৱসায়ত শুভ যোগাযোগ আহিব পাৰে ৷ ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে ভাল খবৰ আহিব পাৰে ৷ আনক সহায় কৰিবলৈ যাওঁতে নিজে বিপদত পৰিব ৷ শুভ ৰং সোণালী ৷ শুভ সংখ্যা ২ ৷
কন্যাঃ সন্তানৰ বাবে চিন্তা বাঢ়িব ৷ স্ত্রীৰ লগত বিবাদ হ’ব পাৰে ৷ প্রিয়জনৰ বাবে মানসিক যন্ত্রণা বাঢ়িব পাৰে ৷ শুভ ৰং বেঙুনীয়া ৷ শুভ সংখ্যা ৮ ৷
তুলাঃ ঘৰৰ পৰা কিছু মূল্যৱান সামগ্রী হেৰুৱাব পাৰে ৷ আপোনাৰ ব্যৱহাৰে আজি আপোনাক ভাল ফল দিব ৷ শুভ ৰং গুলপীয়া ৷ শুভ সংখ্যা ৪ ৷
বৃশ্চিকঃ পুৰণি বন্ধুক লগ পোৱাৰ আনন্দ ৷ যান–বাহন চলোৱা লোকসকলে সাৱধানে থাকক ৷ বিপদ হ’ব পাৰে ৷ ভ্রমণৰ দিশত বাধা দেখা যায় ৷ শুভ ৰং কমলা ৷ শুভ সংখ্যা ৮ ৷
ধনুঃ ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো চিন্তাৰ মাজেৰে পাৰ হ’ব ৷ শিক্ষার্থীসকলৰ বাবে বিদেশ যাত্রাৰ সুযোগ আহিব পাৰে ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯ ৷
মকৰঃ স্বাস্থ্যৰ অসুবিধা হোৱা বাবে চিকিৎসায়লৈ যোৱা হ’ব৷ সহকর্মীৰ ফালৰ পৰা সন্মান প্রাপ্ত হ’ব পাৰে ৷ শুভ ৰং সুমথিৰা ৷ শুভ সংখ্যা ১ ৷
কুম্ভঃ ব্যয় বৃদ্ধিৰ বাবে সংসাৰত অনেক সমস্যা দেখা যায় ৷ কামৰ ক্ষেত্রত মানসিক অশান্তি হ’ব পাৰে ৷ পঢ়া–শুনাত অলপ গুৰুত্ব দিয়ক ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৫ ৷
মীনঃ অর্থ ভাগ্য ভাল হোৱাৰ বাবে পৰিশ্রম প্রচুৰ হ’ব ৷ প্রেমত শুভ ফল ৷ কুটিৰ শিল্পৰ লগত জড়িতৰ বাবে আজি ভাল দিন ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৭ ৷