নিয়মীয়া বাৰ্তা, ২৬ জুনঃ আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱস উপলক্ষে আজি পুৱাই মাৰ্ঘেৰিটাত অনুষ্ঠিত হয় মাৰাথন ৰান। তিনিচুকীয়া জিলা আৰক্ষীৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আৰক্ষীৰ সহযোগত পাৱৈ ৰেলগেটৰ সমীপৰ পৰা মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰ্য্যন্ত এই ৰেলী অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈয়ে আদৰণী ভাষণ দিয়াৰ লগতে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়োৱে প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে । শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথানাত। মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমাপ্ত হোৱা প্ৰতিযোগিতাখনৰ বিজয়ী প্ৰতিযোগীসকল ক্ৰমে পুৰুষৰ প্ৰথম বিকাশ চাওতাল, দ্বিতীয় ডিচেম্বৰ বিনজোৱাৰ, তৃতীয় ধন কৰ্মকাৰ, ছোৱালীৰ লক্ষী ভূমিজ প্ৰথম, দ্বিতীয় ঝৰ্ণা চুব্বা, তৃতীয় নিচা প্ৰজা, শিশু প্ৰতিযোগিতাৰ প্ৰথম জিষ্ণু বুঢ়াগোহাঁই। বিজয়ী প্ৰতিযোগীসকলক একোখনকৈ মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয়। উল্লেখ্য যে বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱপ্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰ বাবে ধ্বংসৰ গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম। ড্ৰাগছৰ কবলৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ২৬ জুন অৰ্থাৎ আজিৰ দিনটোতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছবিৰোধী দিৱস। ১৯৮৭ চনৰ ৭ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ ৰোধ কৰিবৰ বাবে ঘোষণা কৰিছিল এই বিশেষ দিনটো পালন কৰাৰ বাবে।
প্ৰেৰক মানস প্ৰতিম গগৈ