নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম নলবাৰীৰ বানপীড়িত অঞ্চলত বিশেষ চিকিৎসা সেৱা

🔹 বিনামূলীয়াকৈ ঔষধ আৰু ছেনিটেৰী নেপকিন বিতৰণ
নিয়মীয়া বার্তা, ২৬ জুন : বানৰ সময়ত আৰু বানৰ পিছত বানপীড়িত অঞ্চলৰ লোকৰ শাৰীৰিক সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম নলবাৰীৰ বানাক্ৰান্ত অঞ্চলত নলবাৰী জিলা স্বাস্থ্য সমিতিৰ জিলাৰ মানসিক স্বাস্থ্য আঁচনিৰ অধীনত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ এটি দল উপস্থিত হৈ সেৱা আগবঢ়ায় ৷ নলবাৰী জিলাৰ মানসিক স্বাস্থ্য আঁচনিৰ অধীনত এটি চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দলে পশ্চিম নলবাৰীৰ বানপীড়িত অঞ্চল খাটাৰূপীয়াবাথান,কুলবিলৰ লগতে অন্য কিছুমান ঠাইত বানাক্ৰান্তসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ আৰু মহিলাসকলৰ মাজত ছেনিটেৰী নেপকিন বিতৰণ কৰে । মানসিক ৰোগ বিশেষজ্ঞ ডা: নিপুল মহন্ত আৰু সামাজিক মনোবিদ মমী দেৱীৰ নেতৃত্বত যোৱা দলটোক সহযোগ কৰে আশ্ৰয় কৰ্মকৰ্তা কৃতাৰ্থ মহন্ত, হিমাংকন ৰাজবংশী, অভিজিত হাজৰিকা, ৰাকেশ ৰাজবংশী, নয়ন তালুকদাৰ, ধীৰাজ বৰ্মন আৰু মিন্টু হালৈয়ে।
প্রেৰক তপন কুমাৰ শর্মা
You might also like