নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্ৰপুৰত ১৩ কোটি টকাৰ নিচাযুক্ত ড্ৰাগছ ধ্বংস চি আই ডিৰ

মহানগৰ বাৰ্তা, ২৬ জুনঃ বিশ্ব ড্ৰাগছবিৰোধী অভিযানৰ লগত সংগতি ৰাখি অসম আৰক্ষীৰ চি আই ডি বিভাগে বিভিন্ন সময়ত জব্দ কৰা প্ৰায় ১৩ কোটি টকাৰ নিষিদ্ধ নিচাযুক্ত ড্ৰাগছ আজি চন্দ্ৰপুৰত ধ্বংস কৰে। চন্দ্ৰপুৰৰ হাজংবৰীস্থিত ফ্ৰেছ এয়াৰ এণ্ড ৱাষ্ট মেনেজমেণ্ট প্ৰাইভেট লিমিটেডত চি আই ডি-এ ধ্বংস কৰে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। চি আই ডিৰ সূত্ৰই প্ৰকাশ কৰা মতে, ৪৩,২৮২ বটল কফ ছিৰাপ, ১৮,৭০০টা টেবলেট আৰু ২,৪৮,৪০০টা নিষিদ্ধ নিচাযুক্ত কেপছুল ধ্বংস কৰা হয়। স্থানীয় দণ্ডাধীশ কৃষ্ণ কমল বৰ্মনৰ উপস্থিতিত ধ্বংস কৰে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। এই ধ্বংস কাৰ্যত চি আই ডিৰ উচ্চপদস্থ বিষয়ববীয়াৰ উপৰি যুটীয়া স্বাস্থ্য সঞ্চালক ডা: শান্তনু শৰ্মা, শুল্ক বিভাগৰ মনোজ সংগানা আৰু ড্ৰাগছ পৰিদৰ্শক উপস্থিত থাকে।

প্ৰেৰক বিভাষ দাস

You might also like