নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গৌৰৱ বৈজ্ঞানিক ড° অঞ্জন চমুৱাক ডিব্ৰুগড় বিমানবন্দৰত উষ্ম আদৰণি

বিশেষ বাৰ্তা, ২৬ জুনঃ অসমৰ সুসন্তান তথা বৈজ্ঞানিক ড° অঞ্জন চমুৱাক আজি ডিব্ৰুগড় বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয়। যোৱা ১৮ জুনৰ পৰা ২৪ জুনলৈ অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত এখন চেমিনাৰত অংশ গ্ৰহণ কৰি আজি নতুন দিল্লীৰ পৰা বিমান যোগে ডিব্ৰুগড় বিমান বন্দৰত আহি উপস্থিত হোৱাত বৈজ্ঞানিক জনক উষ্ম আদৰণি জনায়। ডিব্ৰুগড় জিলাৰ মৰাণ চেপন চকলিয়াৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰশান্ত চমুৱা আৰু অঞ্চলি চমুৱাৰ পুত্ৰ ড° অঞ্জন চমুৱাই ভাৰতৰহৈ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বৈজ্ঞানিক হিচাপে চেমিনাৰত অংশ গ্ৰহণ কৰি এখন গৱেষণা পত্ৰ উপস্থাপন কৰে। যাৰ শিৰোনাম আছিল ‘মানবহীন বিমান বাহন ( UAV) প্ৰযুক্তি পাৰমাণৱিক নিৰস্ত্ৰকৰণৰ বাবেঃএটা দায়িত্বশীল উদ্ভাৱন দৃষ্টিভংগী’। হফবাফগ পেলেচত অনুষ্ঠিত হোৱা বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা সন্ধি সংস্থাৰ (চিটিবিটিঅ’)বিজ্ঞান আৰু প্ৰযুক্তি (এছএনটি) ২০২৩ ভিয়েনাৰ সন্মিলনত অংশ গ্ৰহণ কৰে অসমৰ এই গৰাকী সুসন্তানজনে। উক্ত সন্মিলনত ১৫০ খন দেশৰ ১১৪৭ জন বিজ্ঞানী,গৱেষক আৰু শিক্ষাবিদ উপস্থিত আছিল।বিজ্ঞানী ড° অঞ্জন চমুৱাই জাপানৰ হোকাইডো বিশ্ববিদ্যালয়ত ২০১৮ চনত এমাহৰ ভ্ৰমণৰ সময়ছোৱাত জাপানৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিজ্ঞানী, শিক্ষাবিদ, ব্যৱসায়িক ব্যক্তিৰ সৈতে সহযোগিতা কৰি ড্ৰ’ন প্ৰযুক্তিৰ ওপৰত গৱেষণামূলক কাম কৰিছিল।হোকাইডো বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা পৰিৱেশত ইউএভিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ( ICUAVE 2018) “ভাৰতত অসামৰিক ইউএভি নিয়োগত শাসন আৰু জবাবদিহিতাঃএটা দায়িত্বশীল উদ্ভাৱন দৃষ্টিভংগী” শীৰ্ষক এখন গৱেষণা পত্ৰও উপস্থাপন কৰি প্ৰশংসা লাভ কৰিছিল ড° চমুৱাই।ভাৰতবৰ্ষৰ পৰা গৱেষণা পত্র উপস্থাপন কৰিবলৈ আমন্ত্রণ লাভ কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় প্রেক্ষাপটত এজন ভাৰতীয় হিচাপে চিনাকি দিবলৈ সক্ষম হোৱাটো অসমবাসীৰ বাবে সচাঁয়ে গৌৰৱ বুলি অভিহিত হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like