নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ পৰা গুজৰাটলৈকে বিস্তৃত ছিমকাৰ্ডৰ অবৈধ ব্যৱসায়

বাৰ্তা বুৰো ২৬ জুন : মৰিগাঁও আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মাৰাথান অভিযান চলি থকাৰ মাজতে আজি পুনৰ মৰিগাঁও আৰক্ষীৰ জালত পৰিছে দুটা চাইবাৰ অপৰাধী। যোৱা শনিবাৰে আৰক্ষীৰ জালত পৰিছিল এজন এয়াৰ টেল চিম ডিষ্ট্ৰিবিউটৰ। জব্দ হৈছিল প্ৰায় ২৩৮ খন ভুৱা airtel sim কাৰ্ড । তাৰ পাছতে মৰিগাঁও আৰক্ষীয়ে চলাইছিল জোৰদাৰ অভিযান আৰু আজি পুনৰ মৰিগাঁও আৰক্ষীৰ জালত পৰিল দুজন চিম ভেণ্ডৰ মছফিকুল খান আৰু চাহজাহান আলি। ইতিমধ্যে 233/23 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে মৰিগাঁও আৰক্ষীয়ে। আজি এই অভিযান সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদ মেল অনুষ্ঠিত কৰি কয় যে এটা অতি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে মৰিগাঁৱৰ পৰা ৰেজিষ্টেৰ হোৱা এইসমূহ চিম কাৰ্ড গুজৰাটৰ বিভিন্ন চাইবাৰ অপৰাধত ব্যৱহাৰ হৈছিল। মৰিগাঁও আৰক্ষী এতিয়া বধ্য পৰিকৰ যে এই সমূহ যি অবৈধভাৱে চিম কাৰ্ড ব্যৱসায়ী চলি আছে অতি সোনকালে বন্ধ কৰিব। যোৱা ছয় মাহত ৬০জনকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সংবাদ মেলত মৰিগাঁও থানাৰ পৰিদৰ্শক জ্যোতি প্ৰকাশ সন্দিকৈ উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like