নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ঈদৰ আগে আগে ধুবুৰীৰ মাছ-মাংসৰ বজাৰত এতিয়া জুই লাগিছে। ধুবুৰীৰ নিউ মাৰ্কেটৰ মুৰ্গী বজাৰত আজি গোটা ব্ৰয়লাৰ মুৰ্গীৰ খুচুৰা দৰ কেজি প্ৰতি ২০০ টকা হোৱাৰ বিপৰীতে কটা ব্ৰয়লাৰ মুৰ্গীৰ মাংসৰ প্ৰতি কেজিৰ দাম হৈছেগৈ ৩০০ টকা। আনহাতে, বৰ্তমানে ধুবুৰীত স্থানীয় লোকেল মুৰ্গীৰ দাম হৈছে কেজি প্ৰতি ৫০০ৰ পৰা ৫৫০ টকা। উল্লেখ্য যে, স্থানীয় মুৰ্গী ব্যৱসায়ীৰ মাজত জিএচটি নামেৰে পৰিচিত এবিধ বিশেষ প্ৰজাতিৰ মুৰ্গীও পশ্চিমবংগৰ পৰা আমদানি হয় ধুবুৰীলৈ। অসমৰ লোকাল মুৰ্গীৰ দৰে সাদৃশ্য থকাৰ সুযোগ লৈ ধুবুৰীৰ এচাম অসাধু মুৰ্গী ব্যৱসায়ীয়ে সেইবিধ মুৰ্গীও লোকাল মুৰ্গী বুলি অনভিজ্ঞ গ্ৰাহকক বিক্ৰী কৰে। জানিব পৰা মতে, জিএচটি নামেৰে পৰিচিত সেই বিধ মুৰ্গীৰ খুচুৰা দৰ চুবুৰীয়া পশ্চিমবংগত হ’ল কেজি প্ৰতি ৩০০ টকা। ইপিনে ধুবুৰীৰ স্থানীয় পৌৰসভা নিউ মাৰ্কেটৰ মাংসৰ দোকানত বৰ্তমানে পঠা আৰু খাহীৰ মাংসৰ কেজি প্ৰতি দৰ হ’ল ৭০০ ৰ পৰা ৮০০ টকা। অৱশ্যে চাহিদা বৃদ্ধি পালে ঈদৰ প্ৰাকমূহুৰ্তত খাহীৰ মাংসৰ দৰ কেজি প্ৰতি ৯০০ ৰ পৰা ৯৫০ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা থকা বুলিয়েই বজাৰখনৰ এগৰাকী স্থানীয় মাংস ব্যৱসায়ীয়ে সদৰি কৰিছে। আনহাতে পৌৰসভা নিউ মাৰ্কেট মাছ বজাৰত থলুৱা মাছ অহাটো ক্ৰমশঃ হ্ৰাস পাবলৈ লোৱা পৰিলক্ষিত হৈছে। আজি বজাৰখনত মোৱা মাছ কেজি প্ৰতি ৬০০ টকা, শিঙি কেজি প্ৰতি ৬০০ৰ পৰা ৮০০ টকা আৰু কেজি প্ৰতি এহেজাৰ টকাত মাগুৰ মাছ বিক্ৰী হোৱা বুলি স্থানীয় মাছ ব্যৱসায়ী এগৰাকীয়ে জানিবলৈ দিছে। বৰ্তমানে, ধুবুৰীৰ মাছৰ বজাৰত লোকেল ৰৌ আৰু কাটল মাছৰ দৰ আকাৰ ভেদে কেজি প্ৰতি ৮০০ পৰা বাৰশ টকা হৈছেহি। ইপিনে বজাৰখনত বিহাৰৰ পৰা অহা চালানী ৰৌ আৰু কাটল মাছৰ আকাৰ ভেদে দৰ হ’ল কেজি প্ৰতি ৩০০ ৰ পৰা ৫০০ টকা। আনহাতে কটা চালানী ৰৌ আৰু কাটল মাছৰ দৰ হ’ল কেজি প্ৰতি ৩০০ ৰ পৰা ৬০০ টকা। আনহাতে মানদণ্ড আৰু কোন ঠাইৰ পৰা আমদানি হৈ আহিছে তাৰ ওপৰত ভিত্তি কৰি ধুবুৰীত চালানী ইলিছ মাছৰ দৰ বৰ্তমানে হ’ল কেজি প্ৰতি এহেজাৰৰ পৰা সৰ্বোচ্চ দুই হাজাৰ টকালৈকে। অৱশ্যে চাহিদা বৃদ্ধি পালে মাংসৰ সমান্তৰালকৈ ঈদৰ প্ৰাকমূহুৰ্তত ধুবুৰীত কেইবিধমান মাছৰ দামো আজিৰ তুলনাত বৃদ্ধি পোৱাটো নিশ্চিত বুলিয়েই জনাইছে এগৰাকী স্থানীয় মাছ ব্যৱসায়ীয়ে। ইয়াৰ মাজতে আকৌ ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰত বিক্ৰী কৰিবলৈ অনা মাছ, মাংস আৰু গাখীৰৰ গুণগত মান পৰীক্ষা কৰাৰ চৰকাৰী কোনো নিয়মাৱলী আছে নাই বুলিও কিন্তু স্থানীয় একাংশ মহলে দীৰ্ঘদিনৰ পৰাই প্ৰশ্ন উত্থাপিত কৰি অহা পোৱা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী