নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ৰখীয়া নাই চৰকাৰী চিকিৎসালয়ত খোলা দুৱাৰ পাই দুই দামুৰিয়ে ষ্ট’ৰ ৰুমত সোমাই খালে বহু দৰকাৰী নথি-পত্ৰ। কি চলিছে স্বাস্থ্য বিভাগত? গৰুৱে খালে চিকিৎসালয়ৰ বহু দৰকাৰী নথি। নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ষ্ট’ৰ ৰুমৰ ভিতৰত সংঘটিত হৈছে এই নজিৰবিহীন কাণ্ড। ৰখীয়া নাই ষ্ট’ৰ ৰুমত, দুৱাৰ আছে খোলা আৰু সেয়ে মাকৰ ওহাৰৰ জুটি এৰি দুই দামুৰি সোমাল ষ্ট’ৰ ৰুমত আৰু পাগুলিয়াই পাগুলিয়াই খালে চিকিৎসালয়ৰ বহু দৰকাৰী নথি। সোমবাৰৰ দুপৰীয়া নগৰবেৰাৰ চিকিৎসালয়ত সংঘটিত হয় এই আজৱ কাণ্ড, উদাসীন চিকিৎসালয় কতৃপক্ষ। অৱশেষত ৰোগীৰ আত্মীয়ইহে ভিতৰলৈ গৈ বাহিৰলৈ খেদিলে দুই ডকুমেণ্ট ’খোৱা দামুৰিক। ঘটনাটোক কেন্দ্ৰ কৰি আশ্চৰ্য প্ৰকাশ কৰিলে কৰ্মৰত চিকিৎসক-নাৰ্চ আৰু উপস্থিত সচেতন একাংশই |প্ৰশ্ন হয় কি আছিল গৰুৱে খোৱা নথিবোৰত? কিয় এনে অনুশাসনহীনতা? খোদ চিকিৎসকৰ মতেই ঠিক নহয় হেনো মেনেজমেণ্ট’, তেনেক্ষেত্ৰত আগলৈ নগৰবেৰা চিকিৎসালয়ত ইয়াতকৈ আজৱ কিবা ঘটিলেও আচৰিত হ’বলৈ একো নাথাকিব।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস