🔹 অসমৰ সুৰক্ষাৰ স্বাৰ্থত আমি সকলো একলগ হোৱা উচিতঃ সাংসদ শইকীয়া
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ অসমৰ সুৰক্ষাৰ বাবে আমি সকলো একলগ হোৱা উচিত। অসমত এতিয়া আৱেগিকভাৱে ৰাজনীতি কৰাৰ সময় উকলিল। নিজৰ ঠাইতে নিজে ভোট দিব পাৰিব। আমি অসমৰে নাগৰিক, ভাৰতৰে নাগৰিক। এই বক্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ। কালি গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত জনসম্পৰ্ক অভিযানত সাংসদ দিলীপ শইকীয়াই গোৰেশ্বৰৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী, শিক্ষক, চিকিৎসক আৰু ব্যৱসায়ীক সম্বৰ্ধনা জ্ঞাপন কৰি মত বিনিময় কৰাৰ অন্তত সাংবাদিকৰ সতে হোৱা আছুতীয়া সাক্ষাৎকাৰত কয় যে বাস্তৱিকতাৰ ভিত্তিত অসমৰ জাতি-জনগোষ্ঠী খিলঞ্জীয়া লোকৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰি, বিবেচনা কৰি যি সিদ্ধান্তই অসমৰ স্বাৰ্থত হব, সেই সিদ্ধান্ত সকলো দল-সংগঠন, জাতি-জনগোষ্ঠী নিৰ্বিশেষে ব্যক্তিগত লাভালাভৰ ঊৰ্ধ্বত থাকি সকলোৱে এই দিশটো গুৰুত্ব সহকাৰে লোৱা উচিত বুলি মন্তব্য কৰে। ইপিনে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই কয় যে সমষ্টি গঠনৰ নতুন খচৰাই সুৰক্ষিত অসমৰ ৰাজনৈতিক, সাংবিধানিক সুৰক্ষা প্ৰদানৰ আশাৰ বতৰা কঢ়িয়াই আনিছে। মঙলদৈৰ পৰিৱৰ্তে দৰং নামকৰণৰ ফলত এটা ইতিবাচক বাৰ্তা আহিছে । মঙলদৈ সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহৰ বৃহৎ অংশই অবিভক্ত দৰং জিলাৰ আছিল । সেয়ে দৰং সমষ্টিৰ নামক লৈ কোনোৱে আপত্তি কৰা উচিত নহয় । আনহাতে, নতুনকৈ গঠন হ’বলগীয়া গোৰেশ্বৰ বিধানসভা সমষ্টিয়ে গোৰেশ্বৰৰ উন্নয়নৰ ক্ষেত্ৰত নতুন বাতাৱৰণ আনিব বুলি শইকীয়াই উল্লেখ কৰে। আনহাতে সমষ্টি পুনৰ গঠনৰ বিৰোধিতা কৰা অখিল গগৈ আৰু কংগ্ৰেছ দলৰ নেতৃত্বক কঠোৰ সমালোচনা কৰি সাংসদগৰাকীয়ে অসমৰ সুৰক্ষাৰ বাবে আমি সকলোৱে একলগ হোৱা উচিত বুলি অতি কৌশলগত মন্তব্য কৰে।
প্ৰেৰক বিজয় ৰাজবংশী