নিয়মীয়া বাৰ্তা, ২৭ জুন : চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ আমগুৰি পঞ্চায়তৰ ধুনাগুৰি পাইত গাঁৱত এজন যুৱকৰ মৃত্যুৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, নন্দেশ্বৰ কুলি নামৰ ৩৬ বছৰীয়া এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই চাঞ্চল্য । জানিব পৰা অনুসৰি, ধুনাগুৰি পাইত গাঁৱৰ চেনিৰাম কুলিৰ পুত্ৰ নন্দেশ্বৰ কুলি ওৰফে আকাশ কুলিয়ে ২৫ জুনৰ সন্ধিয়া তেওঁৰ AS-22 H-8823 নম্বৰৰ বাজাজ পালছাৰ মটৰচাইকেলখনেৰে এগৰাকী মহিলাক আগবঢ়াই থবলৈ যায় । আমগুৰি-বগীবিল পথৰ টঙানি নৈৰ ওপৰত থকা ভেকেলি দলঙৰ পৰা দুখন মটৰচাইকেলত যোৱা তিনিজন যুৱকৰ লগত কিবা কথাত তৰ্কাতৰ্কি হয় আৰু মাৰপিট কৰিবলৈ লয় । মহিলাগৰাকীক এৰি পলাই যাবলৈ চেষ্টা কৰে নন্দেশ্বৰে । কিন্তু দুয়োখন মটৰচাইকেলে খেদি যায় । তাৰ পিছত সন্ধিয়া ৭.৩০ মান বজাত দেবেৰাস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যালয়ৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি থকা অৱস্থাত স্থানীয় ৰাইজে নন্দেশ্বৰক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে । নন্দেশ্বৰক ততাতৈয়াকৈ ডিব্রুগড়ৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও কালি নন্দেশ্বৰৰ মৃত্যু হয় । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক জনোৱাৰ পিছত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । স্থানীয় ৰাইজে দাবী কৰা অনুসৰি, নন্দেশ্বৰক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অপচেষ্টা কৰিছে হত্যাকাৰীয়ে । ইফালে, নন্দেশ্বৰৰ ঘৰত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ ।
প্ৰেৰক নয়নমণি মহন্ত