নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত সুলভ মূল্যৰ এজেণ্টৰ দুৰ্নীতি, উত্তপ্ত পৰিস্থিতি

🔴 খাদ্য সুৰক্ষাৰ চাউল বিচাৰি সমবায় ঘেৰাও ক্ষুব্ধ হিতাধিকাৰীৰ
নিয়মীয়া বাৰ্তা,  ২৭ জুন : ঈদৰ প্ৰাকক্ষণত মৰিগাঁও জিলাৰ লাহৰীঘাটত খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল বিচাৰি ক্ষুব্ধ হিতাধিকাৰীয়ে সমবায় ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সুলভ মূল্যৰ এজেন্টে খাদ্য সুৰক্ষাৰ চাউল নিদিয়াৰ অভিযোগ তুলি দৰিদ্ৰ হিতাধিকাৰীয়ে ঘেৰাও কৰে সুলভ মূল্যৰ দোকান আৰু লাহৰীঘাট সমবায় সমিতিৰ কাৰ্যালয়। লাহৰীঘাট সমবায় সমিতিৰ অন্তৰ্গত বৰবড়ী গাঁৱৰ এজেন্ট ফুৰকান আলীয়ে কেইবামাহ ধৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকৰ বাবে আবন্টিত বিনামূলীয়া চাউলৰ পৰা হিতাধিকাৰীক বঞ্চিত কৰি আহিছে। আজি ক্ষুব্ধ হৈ হিতাধিকাৰীসকলে চাউল বিচাৰি সুলভ মূল্যৰ দোকান ঘেৰাও কৰে। দৰিদ্ৰ লোকৰ উগ্ৰমূৰ্তি দেখি এজেণ্ট ফুৰকান আলীয়ে পলায়ন কৰে। ইয়াৰ পিছত ক্ষুব্ধ হিতাধিকাৰীসকলে ওচৰতে থকা লাহৰীঘাট সমবায় সমিতিৰ কাৰ্যালয় ঘেৰাও কৰে। উল্লেখ্য যে এজেন্ট ফুৰকান আলীয়ে প্ৰায় তিনি মাহ ধৰি হিতাধিকাৰীৰ মাজত বিনামূলীয়া চাউল বিতৰণ নকৰি সমস্ত চাউল আত্মসাৎ কৰাৰ অভিযোগ তুলিছে হিতাধিকাৰীসকলে। ইয়াৰ পুৰ্বেও বিনামূলীয়া চাউল আত্মসাতৰ অভিযোগত ভুক্তভোগী হিতাধিকাৰীসকলে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল দুৰ্নীতিগ্ৰস্ত এজেন্ট ফুৰকান আলীৰ বিৰুদ্ধে। ইয়াৰ উপৰি এজেণ্ট ফুৰকান আলীৰ দুৰ্নীতিৰ বিৰুদ্ধে সমবায় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল। কিন্তু অভিযোগ দিয়াৰ পিছতো হিতাধিকাৰীসকলে সমবায় কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ সুফল পোৱা নাই। এতিয়া প্ৰশ্ন হয়, লাহৰীঘাট সমবায় কৰ্তৃপক্ষই দুৰ্নীতিগ্ৰস্ত এজেণ্ট ফুৰকান আলীক ৰক্ষণাবেক্ষণ দিছে নেকি?

প্ৰেৰক আবুল কালাম

You might also like