পৃথ্বী শ্ব’ নিকা! প্ৰমাণ নাপালে আৰক্ষীয়ে
বিশেষ বাৰ্তা, ২৭ জুনঃ নিৰ্যাতনৰ গোচৰত আদালতত সকাহ পালে পৃথ্বী শ্ব’ই! সোমবাৰে মুম্বাই আৰক্ষীয়ে কয় যে তাৰকা ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে নিৰ্যাতনৰ কোনো প্ৰমাণ পোৱা নাই। তেওঁৰ বিৰুদ্ধে মিছা আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰা হৈছে। প্ৰসংগক্ৰমে এগৰাকী যুৱতীয়ে ১৫ ফেব্ৰুৱাৰীত পৃথ্বিৰ বিৰুদ্ধে প্ৰহাৰ আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। প্ৰথমতে তেওঁলোকৰ সন্মতি নাছিল যদিও পিছত আদালতৰ নিৰ্দেশত মুম্বাই বিমানবন্দৰ আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। তদন্তৰ অন্তত সোমবাৰে আন্ধেৰী দণ্ডাধীশ আদালতত এক প্ৰতিবেদন দাখিল কৰা হয়। তাত মুম্বাই আৰক্ষীয়ে কয় যে পৃথ্বী শ্ব’ই যে হাৰাশাস্তি কৰিছিল, তেনে কোনো প্ৰমাণ পোৱা নগ’ল। অৰ্থাৎ যুৱতীগৰাকীয়ে উত্থাপন কৰা অভিযোগ ভিত্তিহীন। অৱশ্যে মঙলবাৰেও আদালতত এই গোচৰৰ শুনানি অব্যাহত থাকিব।