নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলিকপ্টাৰৰ জৰুৰী অৱতৰণৰ পিছতে হাস্পতাললৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী

বিশেষ বাৰ্তা, ২৭ জুনঃ মঙলবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে জলপাইগুৰিত উপস্থিত হয় তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ক্ৰান্তিত এখন ৰাজহুৱা সভাৰ পিছত তাৰ পৰা তেওঁ বাগডোগ্ৰা হৈ কলকাতালৈ উভতি যোৱাৰ কথা আছিল। কিন্তু মুখ্যমন্ত্রীগৰাকীৰ হেলিকপ্টাৰখন বাগডোগ্ৰা পোৱাৰ আগতেই বেয়া বতৰৰ কবলত পৰে। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পাইলটে সেৱক এয়াৰ বেছত হেলিকপ্টাৰখনৰ জৰুৰীকালীন অৱতৰণ কৰায়। যাৰ বাবে মমতা বেনাৰ্জীয়ে ভৰি আৰু কঁকালত আঘাত পায়। সাধাৰণতে বিমান ঘাটিত জৰুৰীকালীন অৱতৰণৰ বাবে কৰ্তৃপক্ষৰ পৰা পৃথক অনুমতিৰ প্ৰয়োজন হয়। কিন্তু পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে পাইলটে অনুমতিৰ বাবে অপেক্ষা নকৰিলে। সেৱকৰ পৰা বাগডোগ্ৰা হৈ কলকাতালৈ উভতি অহাৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে নিজৰ গাড়ীৰে এছ এছ কে এম হাস্পতাললৈ ৰাওনা হয় ৷ অৱশ্যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক নিজৰ গাড়ীৰ সন্মুখৰ চিটত বহি থকা দেখা যায়। এছ এছ কে এম হাস্পতাল পোৱাৰ পিছতো তেওঁ হুইল চেয়াৰ লোৱা নাছিল। তেওঁৰ আঘাত কিমান গুৰুতৰ, সেয়া লক্ষণীয় হ’ব।

You might also like