নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ঈদৰ আগে আগে ধুবুৰীৰ বজাৰত শাক-পাচলিৰ মূল্য বৃদ্ধিৰ হাৰে সৰ্বসাধাৰণ ৰাইজৰ চকু কঁপালত তুলিছে।বজাৰত পাচলিৰ এই অস্বাভাৱিক মূল্যই ধুবুৰীৰ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে ধুবুৰীৰ নিউ মাৰ্কেটৰ শাক-পাচলিৰ বজাৰত জলকীয়াৰ খুচুৰা মূল্যই কেজি প্ৰতি ২০০ টকা স্পৰ্শ কৰিছে। ঠিক অনুৰূপে, আদাৰ খুচুৰা মূল্য হৈছেগৈ কেজি প্ৰতি ২০০ টকা। ইপিনে দুদিন পূৰ্বে কেজি প্ৰতি ৮০ টকা দৰৰ জিকাৰ আজিৰ খুচুৰা মূল্যই প্ৰতি কেজিত শতকৰ ঘৰ স্পৰ্শ কৰিছে। আনহাতে এনিশাৰ ভিতৰত প্ৰতি কেজি আলুৰ খুচুৰা মূল্য ৫ টকাকৈ বৃদ্ধি পাইছে। আজি নিউ মাৰ্কেটৰ পাচলি বজাৰত আলুৰ খুচুৰা মূল্য হৈছেগৈ কেজি প্ৰতি ২৫ টকা। ইপিনে ধুবুৰীৰ বজাৰত শাক পাচলিৰ এই অস্বাভাৱিক মূল্যবৃদ্ধিৰ আঁৰত কোনো বিশেষ মধ্যভোগী চক্ৰ জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে আৰু বিষয়টো লৈ প্ৰশাসনিক তৎপৰতাৰ প্ৰয়োজনীয়তা থকা বুলিও কিন্তু স্থানীয় ভূৰখা মহলবোৰত উচ্চাৰিত হোৱা পোৱা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী