নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাক্সেছ মীটত ময়ূৰ হাজৰিকাৰ অংশগ্ৰহণ

মহানগৰ বাৰ্তা, ২৭ জুন : পানীখাইতীস্থিত ডাউন টাউন বিশ্ববিদ্যালয়ত আজি চাক্সেছ মীট প্লেচমেণ্ট-২০২৩ অনুষ্ঠিত হয়। উল্লেখ্য যে দেশৰ অন্যতম আগশাৰীৰ জব অৰিয়েণ্টেড শিক্ষানুষ্ঠানখনে শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ প্লেচমেণ্টৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।ইয়াৰ পৰিপ্ৰেক্ষিতত দেশত থকা বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহুজাতিক কোম্পানীৰ অধীনত প্লেচমেণ্টৰ সুবিধা লাভ কৰি স্বাৱলম্বী জীৱন যাপন কৰি আহিছে।দেশৰ বিভিন্ন কোম্পানীত এনেদৰে প্লেচমেণ্ট লাভ কৰা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্য আগত ৰাখি আজি চাক্সেছ মীটৰ আয়োজন কৰিছিল।বন্তি প্ৰজ্বলন কৰি মীটৰ শুভাৰম্ভ কৰাৰ পিছতে মেনেজিং ট্ৰাষ্টি জ্যোতিস্মান দত্তই আদৰণি ভাষণ প্ৰদান কৰে। উল্লেখ্য যে চাক্সেছ মীটত ইউ পি এছ চি পৰীক্ষাত পঞ্চম স্থান লাভ কৰা ময়ূৰ হাজৰিকা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁক আনকি উষ্ম আদৰণি জনায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনায় কৰ্তৃপক্ষই। ছাত্ৰ ছাত্ৰী সকলে লগতে বিশ্ববিদ্যালয়খনে তেওঁলোকৰ জীৱনলৈ অনা পৰিৱৰ্তনৰ বিষয়ে ভাৱ বিনিময় কৰে। এই ব্যতিক্ৰম অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এন চি তালুকদাৰৰ উপৰি ফেকাল্টি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক বিভাষ দাস

You might also like