বিশেষ বাৰ্তা, ২৭ জুনঃ দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ-২০২৩ত ডিব্ৰুগড়ৰ জগদীশ ভড়ালীয়ে দেশৰ হৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাত ৰাজ্যখনৰ লগতে জিলাখনলৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে। পৰম্পৰাগত গোটত জগদীশ ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ভিয়েটনাম, থাইলেণ্ড, হংকং, ইৰাণ আৰু চীনৰ কেইবাজনো প্ৰতিযোগীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দ্বিতীয় এছিয়া যোগাসন চেম্পিয়নশ্বিপৰ ৫০ বছৰৰ গ্ৰুপত ভাৰতৰ হৈ পদক লাভ কৰে ভড়ালীয়ে। থাইলেণ্ডৰ বেংককৰ ‘হোটেল আলেকজেণ্ডাৰ’ত যোৱা ২৪ৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হৈছিল দ্বিতীয় এছিয়া যোগাসন প্ৰতিযোগিতা। ভড়ালীয়ে ইতিপূৰ্বে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালেকেইটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। জগদীশ ভড়ালী ডিব্ৰুগড়ৰ জেষ্ঠ ফটো সাংবাদিক হোৱাৰ লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এগৰাকী জেষ্ঠ বিষয়ববীয়া।
প্ৰেৰক বিভাস দুৱৰা