👉নৈপৰীয়া ৰাইজক দুৰ্য্যোগলৈ ঠেলি ১০ কোটি টকীয়া পথ নিৰ্মাণত বৃহত অনিয়ম
👉বিষয়া-অভিযন্তা-ঠিকাদাৰে মিলি লুটিলে কোটি কোটি টকা
👉বিশ দিনৰ পিছতো পানীদিহিংবাসীয়ে পোৱা নাই সবিশেষ তথ্য
👉১০ কোটিটকীয়া পথ নিৰ্মাণ কেলেংকাৰি গাপ দিয়াৰ বিস্ফোৰক অভিযোগ
👉জনতাৰ তেজ শুহা ত্ৰিশূল গোষ্ঠীৰ সুৰক্ষাত কোন দুই বিষয়া !
👉শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়লৈ অভিযোগ
নিয়মীয়া বাৰ্তা, ২৭ জুন : শিৱসাগৰ জিলাৰ নিতাই পুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত বিখ্যাত পক্ষী অভয়াৰণ্য খ্যাত পানী দিহিং অঞ্চলত ত্ৰিশূল নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে অভিলেশ সংখ্যক অনিয়মেৰে নিৰ্মাণ কৰা এটা দীৰ্ঘ দুৰ্তত্বৰ পেভাৰ ব্লকৰ পথক লৈ সৃষ্টি হোৱা ক্ষোভ আৰু প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগৰ দুগৰাকী বিশেষ বিষয়াৰ সৈতে গোপন বুজাবুজিৰে নিৰ্মাণ কৰা পথটোক লৈয়েই অব্যাহত আছে এই প্ৰতিক্ৰিয়াৰ৷ ইতিমধ্যে শিৱসাগৰস্থিত লোক নিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তাক পানীদিহিংবাসীয়ে বাৰম্বাৰ এই অভিযোগ সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰাৰ পিছতো বিষয়াদ্বয়ে গ্ৰহণ কৰা ৰহস্যজনক ভূমিকাৰ বাবেই স্পৰ্শকাতৰ বিষয়টো লিখিত আকাৰত দিছপুৰলৈ প্ৰেৰণ কৰাৰ ঘটনাই আন অক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ পানীদিহিং পক্ষী অভয়াৰণ্য পশ্ছিম দিশৰ একেবাৰে শেষ প্ৰান্তত অৱস্থিত গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথটোৰ অনিয়মক লৈ স্থানীয় ৰাইজ সৰৱ হৈ থকাৰ সময়তেই শিৱসাগৰত উক্ত আঁচনিৰ অধীনত নিৰ্মিত বহু কেইটা কোটি টকীয়া পথত অনূৰূপ কেলেংকাৰী সংঘটিত হোৱাৰো বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে, গ্ৰাম্য অঞ্চলৰ ৰাইজৰ যাতায়ত সূচল কৰিবৰ বাবেই দেশৰ প্ৰধানমন্ত্ৰীৰ নামত উৎসৰ্গিত গ্ৰাম চড়ক যোজনা শীৰ্ষক আঁচনিৰ অধীনত প্ৰায় ১০ কিলোমিটাৰতকৈও অধিক দৈঘ্যৰ এটা পথ নিৰ্মাণৰ বাবে আৱন্টন হৈছিল ১০ কোটি টকাকৈও অধিক ধন ৷য”ত উক্ত পথটো পেভাৰ ব্লকৰ সহায়ত নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল ৷কিন্তু অতি আচৰিত ধৰণে নৈ পৰীয়া পানীদিহং মিলনকুৰবাসীক সম্পুৰ্ণৰূপে অন্ধকাৰত ৰাখি ঠিকা কাম আৱন্টন পোৱা বহু বিতৰ্কীত ত্ৰিশূল গোষ্ঠীয়ে স্থানীয় ৰাইজক প্ৰাকঃকলন নেদেখুৱাকৈয়ে নিৰ্মাণ কৰিলে উক্ত পথটো ৷জানিব পৰা মতে নিবিদাৰ অন্যতম স্বৰ্ত অনুসৰি এনে পথ নিৰ্মাণৰ সময়ত পথৰ কাষত কংক্ৰিটৰ ফলক আঁৰি আৱন্ট্ত ধনৰ পৰিমাণ সহ প্ৰাকঃকলনত থকা প্ৰতিটো স্বত্ব ৰাইজৰ চকুত পৰাকৈ উল্লেখ কৰিব লাগে ৷কিন্তু লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰ কাৰ্য্যালয়ৰ দুই বিতৰ্কীত বিষয়াৰ নয়নৰ মণি ত্ৰিশূল গোষ্ঠীয়ে পথৰ কাষত কতো সংস্থাপিত নকৰিলে উক্ত ফলক ৷ইয়াৰ বিপৰীতে বিতৰ্কীত ত্ৰিশূল গোষ্ঠীয়ে উচ্চতা- প্ৰস্থ – দৈঘ্যৰ লগতে নিৰ্মাণৰ সময়ত গ্ৰহণ কৰিব লগীয়া সকলো কাৰিকৰী নীতি – নিৰ্দেশনা ভৰিৰে মোহাৰি নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিলে ৷বালিৰ পৰিৱৰ্তে দিহিঙ নদীৰ পলস,অতি নিম্ন মান দণ্ডৰ ৭০ শতাংশ মাটি আৰু ৩০ শতাংশ শিলগুটি মিহলি চেণ্ড গ্ৰেভেল ঢ়ালি নিৰ্মাণত নামিল ত্ৰিশূল গোষ্ঠী ৷আন নালাগে শিৱসাগৰ সদৰৰ পৰাও অতি দুৰ্গম তথা সততে প্ৰশাসনিক বিষয়াৰ দৃষ্টি নপৰা পানী দিহিঙৰ এই পথটো নিৰ্মাণৰ সময়ত অন্তিমটো তৰপত দিব লগীয়া ডব্লিও বি এমৰ নামত সৰু সৰু শিলৰ গুটি আৰু দিহিঙৰ পলস মিহলিৰে সৃষ্টি কৰা তৰপটোৰ ওপৰতেই সমস্থাপিত কৰিলে পেভাৰ ব্লক ৷যি সময়ত ডব্লিও বি এম কৰাৰ সময়ত একাধিকবাৰ পানী ঢ়ালি ৰোলাৰ কৰি কিছু দিন বিৰতীৰ অন্তত পেভাৰ ব্লক লগাই সেই সময়ত ত্ৰিশূল গোষ্ঠীয়ে উক্ত পথটোত উক্ত এটা নিয়মো পালন নকৰিলে ৷ঠাই বিশেষে সামান্য ৰোলাৰ চলাইয়েই নিজৰ খুচি মতে ডব্লিও বি এমৰ তৰপৰ ওপৰত পেভাৰ ব্লক লগালে ৷আনহাতে পেভাৰ ব্লকৰ পথত পথটোৰ দুয়োপাৰে এটা কটকটীয়া সুৰক্ষা বেষ্টনী তৈয়াৰ কৰিব লাগে যাতে সংস্থাপিত ব্লক সমুহ বাহিৰলৈ ওলাই নাযায় ৷ কিন্তু লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰৰ কাৰ্য্যালয়ৰ দুই বিষয়াৰ নয়নৰ মণি ত্ৰিশূল ঠিকাদাৰ গোষ্ঠীয়ে নিবিদাৰ সকলো স্বত্ব ভৰিৰে মোহাৰি নিৰ্মাণ কৰা পথটোৰ ওপৰেদি এখন তিনিচকীয়া বাহণ পাৰ হলেই পেভাৰ ব্লক সমুহ হুলোক ঢ়োলোক কৰিবলৈ ধৰে ৷ যতে ততে খহি গৈছে সুৰক্ষা বেষ্টনী ৷ নিবিদাৰ স্বত্বত থাকিব লগীয়া উচ্চতা আৰু প্ৰস্থ ঠাই বিশেষে তাৰতম্য ৷নিৰ্মাণৰ সময়ৰ পৰা আজি পৰ্য্যন্ত কোনো চৰকাৰী বিষয়া- অভিযন্ত্ৰাৰ তদাৰক নোহোৱা পথটোত স্পষ্টকৈ সকলো কাৰিকৰী নীতি নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত হৈছে ৷আজি লৈকে চৰকাৰী মানুহৰ স্পৰ্শ নপৰা পথটোৰ দুয়োপাৰে বাৰম্বাৰ প্ৰাকঃকলন ৰাইজক দেখুৱাৰ বাবে ঠিকাদাৰী গোষ্ঠীত আহব্বান জনাই আহিছে যদিও প্ৰদৰ্শন কৰা নাই ৷অভিযন্ত্ৰা- বিষয়া আৰু ঠিকাদাৰ মিলি সমুদায় ধন উদৰস্থ কৰাৰ এখন ভয়ংকৰ অনিয়ম প্ৰতক্ষ্য কৰি সহজ-সৰল মিচিং ৰাইজে চৰকাৰী পক্ষক অৱগত কৰিল যদিও কাৰ্য্যত ব্যৱস্থা গ্ৰহণ কৰাতো দুৰৈৰে কথা নিম্ন মানদণ্ডৰে কাম সমাপ্তিতহে জপিয়াই পৰিল ত্ৰিশূল গোষ্ঠী ৷উপায়হীন স্থানীয় ৰাইজে অৱশেষত জিলা প্ৰশাসন – লোক নিৰ্মাণ বিভাগৰ ৰহস্যজনক ভূমিকাৰ বিৰুদ্ধে মূখ্য মন্ত্ৰীৰ হস্তক্ষেপ- তদন্ত বিছাৰি দিছপুৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা জানিব পৰা গৈছে ৷স্মৰ্তব্য যে, দিচাংমুখৰ দিচাং নদীৰ সিটো পাৰৰ পৰা পানী দিহিং পক্ষী অভয়াৰণ্য স্পৰ্শ কৰি পশ্ছিম পানীদিহিঙৰ দলপাত সংযোগ ঘটা এই পথটো আছিল বৃহত্তৰ কৃৰ্ষিজীৱি ৰাইজ- গোপালকসকলৰ বাবে জীৱন ৰেখা স্বৰুপ ৷স্বাধীনতাৰ পিছত প্ৰথম বাৰৰ বাবে বৰ্তমানৰ মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানে ধোৱা পিছপৰা অঞ্চলটোৰ ৰাইজৰ সকাহৰ বাবে এই পথটো নিৰ্মাণৰ পৰিকল্পনা লৈছিল ৷ তেনেস্থলত পানীদিহিং বাসীৰ সপোন চুৰমাৰ কৰি ১০ কোটি টকীয়া পথ নিৰ্মাণৰ নামত প্ৰায় ৬ কোটি টকা গোটে গোটে গিলিবলৈ চেষ্টা কৰা ত্ৰিশূল গোষ্ঠীৰ লগতে লোক নিৰ্মাণ বিভাগৰ দুই বিষয়াৰ বিৰুদ্ধে মূখ্য মন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হব ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান