🔴বুজাবুজিৰ চুক্তিয়ে অপৰাধমুক্ত, সুৰক্ষিত আৰু সুস্থ সমাজ গঢ়িব।
🔴চিডিএফডিক অসমত এটা চৌহদ স্থাপন কৰিবলৈ মুখ্যমন্ত্রীৰ অনুৰোধ
বিশেষ বাৰ্তা, ২৭ জুনঃ ফৰেনচিক বিজ্ঞান, স্বাস্থ্যসেৱা আৰু ৰোগনির্ণয় বিজ্ঞানৰ ক্ষেত্রত সহযোগিতা গঢ়ি তোলাৰ উদ্দেশ্যে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু চেণ্টাৰ ফৰ ডি এন এ ফিংগাৰপ্রিণ্ঢিং এণ্ড ডায়েগনষ্টিক্স চি ডি এফ ডি, হায়দৰাবাদৰ সৈতে দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ হৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নিৰজ বার্মা আৰু চি ডি এফ ডিৰ হৈ ড০ কে থাংগাৰাজে ফৰেনচিক বিজ্ঞানৰ ক্ষেত্রত সহযোগিতাৰ বাবে চুক্তিত স্বাক্ষৰ কৰে৷ আনহাতে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙে চি ডি এফ ডিৰ সৈতে গৱেষণা কার্যসূচী, কর্মশালা, নিৰীক্ষণ, ছাত্র-ছাত্রীৰ আদান-প্রদান আৰু ৰোগীৰ সেৱাৰ বাবে যৌথ পদক্ষেপ গ্রহণৰ উদ্দেশ্যেৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে চেণ্টাৰ ফৰ ডি এন এ ফিংগাৰপ্রিণ্ঢিং আৰু ডায়েগনষ্টিক্স চি ডি এফ ডি য়ে ডি এন এ ফিংগাৰপ্রিণ্ঢিং, ডায়েগনষ্টিক্স আৰু আধুনিক জীৱ বিজ্ঞানৰ অন্যান্য ক্ষেত্রত দেশত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ ইয়াৰ ডায়েগনষ্টিক্স বিভাগে আগবেোৱা আনুবংশিক ৰোগ নির্ণয় আৰু গৱেষণা সেৱাই ৰোগ চিনাক্তকৰণ চিকিৎসাত যথেষ্ট সহায় কৰিছে৷ এই প্রতিষ্ঠানটোৱে মলিকুলাৰ পেথফিজিলজি আৰু আনুবংশিক ৰোগৰ মেপিঙৰ ওপৰতো গৱেষণামূলক কাম কৰি আহিছে৷ এই প্রতিষ্ঠানটোৱে অত্যাধুনিক আন্তঃগাঁথনিৰে উচ্চমানৰ গৱেষণা ক্ষেত্র এখন গিি তুলি ৰোগ নির্ণয়ৰ ক্ষেত্রত যথেষ্ট অৱদান যোগাই আহিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ বর্তমানৰ ৰাজ্য চৰকাৰে অপৰাধমুক্ত অসম গগাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে যোৱা কেইমাহমানত অসম চৰকাৰে ফৰেনচিক বিজ্ঞানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্রচেষ্টা চলাই আহিছে৷ তেওঁ কয় যে যোৱা ২৫ মেত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাষ্ট্রীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌদৰৰ আধাৰশিলা স্থাপন কৰে৷ ফৰেনচিক বিজ্ঞান, চাইবাৰ চিকিউৰিটি, ডিজিটেল ফৰেনচিক, ফৰেনচিক চাইকলজি, ফৰেনচিক একাউণ্ঢিং, ৱাইল্ড লাইফ ফৰেনচিক, নার্কোটিক, বেলিষ্টিক্স, ফৰেনচিক কেমেষ্ট্রি, ফৰেনচিক বায়লজি, ফৰেনচিক নার্ছিং, ফৰেনচিক ফার্মাচী, ফৰেনচিক ষ্ট্রাকচাৰেল ইঞ্জিনিয়াৰিং, দ্রোণ ফৰেনচিক, ফৰেনচিক জাষ্টিচ এণ্ড ল সম্পর্কীত পাঠ্যক্রমৰ ওপৰত এই বিশ্ববিদ্যালয়ে স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ্ ডি প্রদান কৰিব৷ ৰাষ্ট্রীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত পূব আৰু দক্ষিণ–পূব ভাৰতৰ ৰাজ্যৰ লগতে ওচৰ–চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ আৰু অন্যান্য দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ আৰক্ষী, ন্যায়পালিকা আৰু ফৰেনচিক বিজ্ঞানীসকলৰ প্রশিক্ষণৰ লগতে দক্ষতা বিকাশৰ ক্ষেত্রতো গুৰুত্বপূর্ণ ভূমিকা লবলৈ সক্ষম হব বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ ক্ষেত্রত আৰক্ষী, ন্যায়পালিকা আৰু ফৰেনচিক বিজ্ঞানৰ ভূমিকা গুৰুত্বপূর্ণ৷ অপৰাধৰ তদন্ত আৰু বিচাৰৰ লগত জডিত এই তিনিওটা অংগ যিমানেই শক্তিশালী হব, সিমানেই ন্যায় প্রদান ব্যৱস্থাটো শক্তিশালী হৈ উঠিব৷ ইয়াৰ লগে লগে অপৰাধমূলক কার্যকলাপ নিয়ন্ত্রণতো গুৰুত্বপূর্ণ প্রভাৱ পেলাব৷ বর্তমান সময়ত অপৰাধমূলক কার্যকলাপ চলাবলৈ তথ্য প্রযুক্তিৰ ব্যাপক ব্যৱহাৰ হৈ আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় এনে প্রেক্ষাপটত তদন্ত প্রক্রিয়া সকলো দিশতে ত্রুটিহীন আৰু অপৰাধৰ সকলো দিশত পুংখানুপুংখ তদন্ত কৰিবলৈ হলে তথ্য প্রযুক্তিৰে সমৃদ্ধ হলেহে অপৰাধমুক্ত পৰিৱেশ গিি তোলাটো সম্ভৱ হব৷ তেওঁ লগতে কয় যে এনে পৰিৱেশ গগাত ফৰেনচিক বিজ্ঞানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ ডিজিটেল প্রযুক্তিয়ে আজি ফৰেনচিক বিজ্ঞানক এক নতুন গতি প্রদান কৰিছে৷ তেওঁ লগতে কয় যে ডিজিটেল প্রযুক্তিয়ে অপৰাধমূলক তদন্ত প্রক্রিয়াটো অধিক সহজ আৰু নিখঁুত কৰি তুলিছে৷ অপৰাধৰ উপৰি স্বাস্থ্য, বীমা আৰু অন্যান্য খণ্ডতো ফৰেনচিক বিজ্ঞানৰ গুৰুত্ব ক্রমান্বয়ে বৃদ্ধি পাইছে৷ মুখ্যমন্ত্রীয়ে কয় যে ডি এন এ প্রফাইলিঙে শেহতীয়াকৈ ফৰেনচিক তদন্তক এক নতুন মাত্রালৈ লৈ গৈছে৷ এই প্রযুক্তিয়ে ধর্ষণৰ দৰে অতি জঘন্য অপৰাধকে ধৰি বহু গোচৰৰ সমাধান সম্ভৱ কৰি তুলিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে এনে পৰিপ্রেক্ষিততে বর্তমানৰ ৰাজ্য চৰকাৰে ফৰেনচিক বিজ্ঞানৰ ক্ষেত্রত সহযোগিতাৰ বাবে বুজা–বুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ চি ডি এফ ডিৰ সৈতে স্বাস্থ্য সেৱা আৰু ৰোগ নির্ণয় সেৱাৰ ক্ষেত্রত সহযোগিতাৰ বাবে বুজা–বুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ তেওঁ কয় যে ফৰেনচিক বিজ্ঞানৰ বুজা–বুজিৰ চুক্তি অনুসাৰে চি ডি এফ ডিয়ে অসমৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ বিজ্ঞানী আৰু কাৰিকৰী কর্মচাৰীসকলক ডি এন এ প্রফাইলিঙৰ প্রশিক্ষণ প্রদান কৰিব৷ তেওঁ লগতে কয় যে এই ক্ষেত্রত বিভিন্ন ক্ষেত্রসমূহৰ ওপৰত প্রশিক্ষণ আৰু সংবেদনশীলতাৰ কার্যসূচী থাকিব লাগিব৷ ডি এন এ প্রফাইলিং পৰীক্ষাগাৰৰ পৰিকল্পনা আৰু ইয়াক স্থাপন কৰা আৰু মানৱ প্রফাইলিং কার্যকলাপৰ বাবে সঁজুলি, যন্ত্রপাতি ইত্যাদি ক্রয়ৰ ক্ষেত্রত সঞ্চালকালয়ক পৰামর্শ আগববাব৷ এই ব্যৱস্থাই অপৰাধমূলক ন্যায় প্রদান ব্যৱস্থাৰ বাবে প্রযুক্তিগত ব্যৱহাৰক এক নতুন মাত্রা প্রদান কৰিব বুলি তেওঁ কয়৷ স্বাস্থ্য সেৱা আৰু ৰোগ নির্ণয় সেৱাৰ বাবে হোৱা বুজা–বুজিৰ চুক্তিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই চুক্তিয়ে গৱেষণা কার্যসূচী, শৈক্ষিক কার্যসূচী, কর্মশালা, ছাত্র–ছাত্রীৰ বিনিময় কার্যসূচী আৰু ৰোগীৰ যত্ন সেৱাৰ বাবে যৌথ সুবিধা প্রদান কৰিব৷ তেওঁ কয় যে যৌথ শৈক্ষিক কার্যসূচীয়ে পৰাস্পৰিক স্বার্থৰ ভিত্তিত প্রকল্পগত সহযোগিতা কৰাৰ পথ প্রশস্ত কৰি তুলিব৷ ইয়াৰ লগতে যৌথভাৱে গৱেষণা কার্যসূচীৰ সম্ভাৱনীয়তাও অন্বেষণ কৰিব পাৰিব বুলিও তেওঁ কয়৷ তেওঁ লগতে কয় যে যৌথ শৈক্ষিক কার্যসূচী আৰু কর্মশালাসমূহে ঔদ্যোগিক অনুশীলনৰ পাৰস্পৰিক অভিজ্ঞতাৰ আদান–প্রদানতো সহায়ক হৈ উঠিব৷ ডি এন এ ভিত্তিক ফৰেনচিক আৰু অন্যান্য আধুনিক জীৱ বিজ্ঞানৰ এলেকাসমূহৰ দিশত এম বি বি এছ আৰু স্নাতকোত্তৰ ছাত্র–ছাত্রীৰ বাবে বিশেষ বক্তৃতাৰ ব্যৱস্থা কৰা হব৷ তদুপৰি, হ্রস্রম্যাদী অবিৰত শিক্ষাই পাৰস্পৰিক স্বার্থৰ ক্ষেত্রতো সহায়ক হৈ উঠিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে চি ডি এফ ডিৰ এটা চৌহদ গুৱাহাটীত স্থাপন কৰিবলৈও অনুৰোধ জনায়৷ অনুষ্ঠানত বিজ্ঞান আৰু প্রযুক্তিবিদ্যা ইত্যাদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব পৱন কুমাৰ ৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ ধ্রুৱজ্যোতি বৰা আৰু ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷