বিশেষ বাৰ্তা, ২৯ জুন : সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ৰাজ্যসমূহৰ আগন্তুক বিধানসভা নিৰ্বাচনত মাইক্ৰ’ মেনেজমেণ্টৰ বাবে বিজেপিৰ মেগা প্লেন প্ৰস্তুত কৰা হৈছে। তথ্য অনুসৰি প্ৰথমবাৰৰ বাবে বিজেপিয়ে দলৰ কাম-কাজ সহজ কৰি তুলিবলৈ দেশক তিনিটা খণ্ডত বিভক্ত কৰিলে। ইয়াৰ বাবে বিজেপিয়ে উত্তৰ অঞ্চল, দক্ষিণ অঞ্চল আৰু পূব অঞ্চলৰ সিদ্ধান্ত লৈছে। তথ্য অনুসৰি অহা ৬, ৭ আৰু ৮ জুলাইত দেশৰ বিভিন্ন প্ৰান্তত বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু সংগঠন মন্ত্ৰীৰ সৈতে অঞ্চলটোৰ বিশিষ্ট নেতাসকলৰ বৈঠক অনুষ্ঠিত হ’ব। ৬ জুলাইত পূব অঞ্চল, ৭ জুলাইত উত্তৰ অঞ্চল আৰু ৮ জুলাইত দক্ষিণ অঞ্চলৰ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জানিব পৰা মতে, এই বৈঠকত অঞ্চলটোৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া, ৰাজ্যিক সভাপতি, সংগঠন মন্ত্ৰী, মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক আৰু ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যসকল উপস্থিত থাকিব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়াক বিজেপিৰ এক ডাঙৰ কৌশলগত কচৰৎ হিচাপে বিবেচিত হৈছে। ৬ জুলাইত গুৱাহাটীত অনুষ্ঠিত হ’ব পূব অঞ্চলৰ বৈঠক। ইয়াৰ ভিতৰত বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অসম, ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰাৰ পৰা দলৰ সৈতে জড়িত লোকক অন্তৰ্ভুক্ত কৰা হ’ব। ৭ জুলাইত দিল্লীত অনুষ্ঠিত হ’ব উত্তৰ অঞ্চলৰ বৈঠক। ইয়াত জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, পঞ্জাৱ, চণ্ডীগড়, ৰাজস্থান, গুজৰাট, দমন দিউ-দাদাৰ নগৰ হাভেলী, মধ্যপ্ৰদেশ, ছত্তিশগড়, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, হাৰিয়ানাৰ বিজেপি নেতাসকল অন্তৰ্ভুক্ত হ’ব। ৮ জুলাইত হায়দৰাবাদত অনুষ্ঠিত হ’ব দক্ষিণ অঞ্চলৰ বৈঠক। য’ত কেৰেলা, তামিলনাডু, পুডুচেৰী, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মুম্বাই, গোৱা, আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপৰ দলীয় বিষয়াসকলৰ সৈতে আলোচনা কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্ৰদেশ ভ্ৰমণৰ পিছত বুধবাৰে তেওঁৰ বাসগৃহত বিজেপিৰ বৈঠক অনুষ্ঠিত হয়। সূত্ৰ অনুসৰি এই বৈঠকত ২০২৩ চনৰ শেষৰ ফালে হ’বলগীয়া মধ্যপ্ৰদেশ, ছত্তিশগড় আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনক লৈ আলোচনা হৈছে। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু বিজেপিৰ সংগঠন মন্ত্ৰী বি এল সন্তোষ উপস্থিত থাকে।