নিয়মীয়া বাৰ্তা, ২৯ জুনঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তগত ঘিলামৰা শংকৰদেৱৰ শিশু নিকেতনত আজি লখিমপুৰৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতাই শুভ উদ্বোধন কৰে এটা স্মাৰ্ট ক্লাছ ৰুমৰ ৷ ঘিলামৰা শংকৰদেৱৰ শিশু নিকেতন কক্ষত আজি অনুষ্ঠিত স্মাৰ্ট শ্ৰেণীকোঠা উদ্বোধনী সভাত মহকুমাধিপতি গৰাকীয়ে বৰ্তমানৰ শিক্ষা প্ৰদান কৰা শৈখিক সামগ্রী সমুহৰ ভিতৰত ডিজিটেল মাধ্যমৰ সংযোজন ঘটি ন ন উপকৰণেৰে শিক্ষা প্ৰদান কৰা সময়তে ঘিলামৰা শংকৰদেৱৰ শিশু নিকেতনত পৰিচালনা সমিতিয়ে এইদৰে স্মাৰ্ট শ্ৰেণীকোঠা সংযোজন কৰি ছাত্র-ছাত্রীৰ মহৎ উপকাৰ সাধন কৰা বুলিও বক্তব্য প্রদান কৰে। ঘিলামৰা শংকৰদেৱৰ শিশু নিকেতনৰ ছাত্র ছাত্রী, আচার্য আচার্যা পৰিচালনা সমিতি সদস্য, নিকেতনৰ পৰিচালনা সমিতি সভাপতি কিৰন চন্দ্র গগৈ পৰিচালনা সমিতি সভাপতিদ্বয় তীৰ্থনাথ বৰুৱা আৰু হিৰন্য হাজৰিকা প্রধানাচাৰ্য গোবিন্দ চুতীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি