নিয়মীয়া বাৰ্তা, ২৯ জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ অশোক কাগজ কলৰ পৰিত্যক্ত ভূমিত নিৰ্মাণ হৈ থকা মাল্টি মডেল লজিষ্টিক হাব (আন্তৰ্জাতিক বহুমুখী বাণিজ্যিক সৰবৰাহ কেন্দ্ৰ) আজি পৰিদৰ্শন কৰে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই। কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে বিজেপিয়ে ৰাজ্যজুৰি পালন কৰিছে মহা জনসম্পৰ্ক অভিযান। উক্ত অভিযানৰ সৈতে সংগতি ৰাখি ‘বিকাশ তীৰ্থ” শীৰ্ষক এক কাৰ্যসূচী উলিয়ায় বিজেপিয়ে। বিকাশ তীৰ্থ কাৰ্যসূচীৰে সাংসদ ভুৱনেশ্বৰ কলিতাই মাল্টি মডেল লজিষ্টিক হাবত উপস্থিত হয়। সাংসদগৰাকীয়ে মাল্টি মডেল লজিষ্টিক হাবত উপস্থিত হৈ পৰ্যবেক্ষণ কৰি কামৰ অগ্ৰগতিৰ খতিয়ান লয়। উক্ত কাৰ্যসুচীত সাংসদগৰাকীৰ সৈতে বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ লগতে বিজেপিৰ কেইবাগৰাকী নেতা কৰ্মী উপস্থিত থাকে। নিৰ্মীয়মান মাল্টি মডেল লজিষ্টিক হাবৰ কামৰ খতিয়ান লৈ সাংসদ ভুৱনেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে যোগীঘোপাত নিৰ্মীয়মান মাল্টি মডেল লজিষ্টিক হাবৰ যোগেৰে সমগ্ৰ অঞ্চলটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰিব। লজিষ্টিক হাবৰ কাষত যোগীঘোপা জাহাজ বন্দৰৰ পৰা চিটাগং বন্দৰ আৰু কলিকতা বন্দৰলৈ যাতায়াত থাকিব যাতে উৎপাদিত সামগ্ৰী সমুহ সূচল ভাবে যাতায়ত কৰিব পাৰে বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে।যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক হাব ই নিজে এক ইউনিক, কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আৰু এনেধৰণৰ প্ৰকল্প নাই বুলি মন্তব্য কৰে সাংসদ ভুৱনেশ্বৰ কলিতাই । আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে সাংবাদিকে সোধা এক প্ৰশ্নত সাংসদ ভুৱেনশ্বৰ কলিতাই কয় যে, এইটো প্ৰথম খচৰা প্ৰকাশ কৰা হৈছে যাতে ৰাইজৰ ওজৰ আপত্তি থাকিলে সমষ্টি পুনৰ নিৰ্ধাৰণ সমিতিক জনাব পাৰে। গতিকে এই খচৰাটোৱে যে চুড়ান্ত সেইটো কব নোৱাৰি। ইয়াক লৈ প্ৰতিবাদৰ কোনো স্থল দেখা নাই বুলি উল্লেখ কৰে সাংসদ ভুৱনেশ্বৰ কলিতাই ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস