🔹 ২৫ হাজাৰ নাচনী-ঢুলীয়াক লৈ দিল্লীত বিহু দেখুওৱাৰ আশা মুখ্যমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ১ জুলাইঃ এইবাৰ দিল্লীত বিহু দেখুওৱাৰ আশা মুখ্যমন্ত্ৰীৰ। দিল্লীত ২৫ হাজাৰ নাচনী-ঢুলীয়াৰ জৰিয়তে বিহু দেখুওৱাৰ আশা মুখ্যমন্ত্ৰীৰ। পুনৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকে দায়িত্ব দিয়াৰ সিদ্ধান্ত। বিহুৰ কাৰণে খৰচ কৰিলে অসমীয়া মানুহে বেয়া পালে নহ’ব। কাৰণ অসমীয়া মানুহৰ বিহু শুনিয়েই জন্ম হয়, বিহু শুনিয়েই মৃত্যু হয়। গতিকে যিমান খৰচ হয় হওক, কিন্তু দিল্লীত বিহু দেখুৱাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ এখন জনসভাত উল্লেখ কৰি কয়- “মোৰ বহুত আশা আছে ২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ দিল্লীত বিহুনৃত্য প্ৰৰ্দশন কৰা।২০২৬ চনৰ পূৰ্বেই দিল্লীত এনে এটা অনুষ্ঠানৰ আয়োজন কৰাৰ বহু ইচ্ছা আছে আৰু যদি হয়, তেনেহলে সমগ্ৰ ভাৰতবাসীৰ চকু থৰ হৈ যাব। নিজৰ জাতিৰ দাপোণস্বৰূপ, স্বাভিমান তথা হিয়াৰ আমঠু, বাপতিসাহোনৰ বাবে যদি আমি দুটকা খৰচ কৰিব লগা হয়, তাত কোনেও বেয়া পাব নালাগে।” গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে ডিব্ৰুগড় জিলাৰ পৰা অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীসকলক আজি প্ৰমাণ-পত্ৰ আৰু চেক বিতৰণ কৰিবলৈ ডিব্ৰুগড়ৰ মানকটা পূজা ফিল্ডত আয়োজিত এখন জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে সদৰী কৰি পুনৰ কয়- অসমৰ বিহুক এই বছৰতে বিশ্ব দৰবাৰত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ জৰিয়তে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। যোৱা ১৪ এপ্ৰিলত মোদীয়ে একেলগে ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰা বিহু প্ৰত্যক্ষ কৰাৰ লগতে দেশৰ সকলো সৰু-বৰ চেনেলত অসমীয়া মুগা সাজ-পাৰেৰে প্ৰদৰ্শিত বিহুৰ পোনপটীয়া সম্প্ৰচাৰ হৈছিল। ইয়াৰ দুদিন পাছত চাইনা হওক বা আমেৰিকাই হওক, সমগ্ৰ বিশ্বতে উক্ত বিৰল মুহূৰ্তৰ ফটো প্ৰকাশ হৈছিল। প্ৰবাসী ভাৰতীয় লোকসকলেও ইয়াৰ ভূয়সী প্ৰশংসা কৰি ধন্যবাদ জনাইছিল। কিন্তু এই চিন্তা ইমান সহজ নাছিল। এঘাৰ হাজাৰ লৰা-ছোৱালীয়ে একেলগ একে সময়তে নৃত্য কৰা, লয়-তাল-মাত্ৰাৰ সন্তুলন বজাই একে সময়তে শেষ কৰা; সকলো নান্দনিক আছিল। কিছুমানে কিন্তু আৰম্ভণিৰে পৰা বিৰোধিতা কৰিছিল। এতিয়া ২৫ হাজাৰ টাৰ্গেট হব। সেই সময়ত ৰাইজ-দশকে যথেষ্ট আশীৰ্বাদ দিছিল। যোৱা ১৩ আৰু ১৪ এপ্ৰিলত মানুহে কেৱল টিভিত বিহু চোৱা বুলি মোৰ দৃঢ় বিশ্বাস বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই সদৰী কৰে। তেওঁ আৰু কয় যে অসম আৰু অসমীয়াৰ স্বাভিমান এই বিহু আৰু মুগাৰ মেখেলা-চাদৰ।এতিয়াৰে পৰা বিহু কেৱল অসমতেই সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ বিশ্বতে ইয়াৰ আদৰ বাঢ়িছে।হংকংৰ হোটেলত বিহুৰ এই বিৰল দৃশ্য আঁৰি থৈ দিয়াটো উল্লেখযোগ্য বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কয়- অসমৰ সংস্কৃতিত বহু শক্তি আৰু ক্ষমতা আছে। আমি সেই ক্ষমতা ইমান দিনে বিশ্ব দৰবাৰলৈ নিয়া নাছিলোঁ। এতিয়া গামোচাৰ সকলোতে আদৰ বাঢ়িছে। ভাৰতৰ সকলো প্ৰান্ততে ইয়াৰ আদৰ বাঢ়িছে। কথক নৃত্য বা উডীচী নৃত্যৰ বাবে অসমত যিদৰে প্ৰশিক্ষণ দিয়া হয়, ঠিক তেনেদৰেই ভাৰতৰ বিভিন্ন প্ৰান্তত বিহুনৃত্যৰ প্ৰশিক্ষণ দিয়াৰ কামো খুব সোনকালেই আৰম্ভ হব। মই ভাবো- সেই দিন বহু দূৰৈত নাই আৰু তেতিয়া সমগ্ৰ পৰিৱেশেই সলনি হৈ যাব।- ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণত ব্যক্ত কৰে। তেওঁ কয় যে লাচিত বৰফুকন দিৱস দিল্লীত পালন কৰাৰ পাছৰে পৰা লাচিত বৰফুকনৰ বিষয়ে সমগ্ৰ দেশত যথেষ্ট চৰ্চা হৈছে। সেয়ে সমগ্ৰ দেশৰ লগতে যাতে বিশ্বতে বিহুক লৈ চৰ্চা হয়, তাৰ বাবেই বিহুক দিল্লীলৈ নিয়াৰ পৰিকল্পনাৰ বিষয়েও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে নিজৰ কৃষ্টি-সংস্কৃতিৰ জৰিয়তে জাতি চহকী হয় বুলি উল্লেখ কৰি অসমত এক নতুন সাংস্কৃতিক পৰিবেশৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰে। ভূপেন্দ্ৰ সংগীত, বিষ্ণুপ্ৰসাদ ৰাভা গীত, জ্যোতি সংগীত আদি প্ৰতিযোগিতা পঞ্চায়তৰ পৰা আৰম্ভ কৰি জিলা আৰু জিলাৰ পৰা আন্ত:জিলা ভিত্তিত অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰি দুই লক্ষ্যাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলিও আশা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এক বিশ্ব ৰেকৰ্ডৰ পৰিকল্পনা কৰাৰ বিষয়ে সদৰী কৰি এক কোটি গছপুলি দুঘণ্টাৰ ভিতৰত ৰোপণেৰে এক ইতিহাস সৃষ্টি কৰিব বুলি সগৌৰৱৰে ঘোষণা কৰি অসম্ভৱ বুলি ভবা এই কামটো অহা ২ অক্টোবৰত ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি পুনৰ বিশ্ব অভিলেখ কৰাৰ কথাও ঘোষণা কৰে ডিব্ৰুগড়ৰ মানকটা ৰাজহুৱা জনসভাত। উল্লেখযোগ্য যে গীনিজ কৰ্তৃপক্ষৰ উপস্থিতিত একেলগে ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত বিহু প্ৰদৰ্শন আৰু একে স্থানত ৩০০০ ঢুলীয়াৰ ঢোলবাদনৰে বিশ্ব অভিলেখ স্থাপন কৰা বিহুৱা-বিহুৱতীসকলক প্ৰমাণ-পত্ৰ আৰু মাননি বিভিন্ন জিলাত প্ৰদান কৰাৰ পাছত আজি ডিব্ৰুগড়ত মানকটা খেলপথাৰত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই উপস্থিত থাকি বিহুৱা-বিহুৱতীক প্ৰদান কৰে চেক। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মুঠ ১৪১৮গৰাকীয়ে অংশগ্ৰহণ কৰিছিল সৰ্ববৃহৎ বিহুনৃত্যৰ উক্ত অনুষ্ঠানত। বিশ্ব অভিলেখ গঢ়া সৰ্ববৃহৎ বিহু অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ পৰাই সৰ্বাধিক অংশগ্ৰহণকাৰী থকাৰ লগতে এনে পৰিকল্পনা ডিব্ৰুগড়ৰ পৰাই হোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী ডিব্ৰুগড়লৈ আহোঁতে টিংখাং সমষ্টিৰ পৰা তিনি সহস্ৰাধিক নাচনীয়ে কৰা বিহু পৰিৱেশন দেখি প্ৰধানমন্ত্ৰীগৰাকী আপ্লুত হোৱাৰ পাছতে এনে পৰিকল্পনা কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী, বিমল বৰা, প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, তৰংগ গগৈ, পোনাকণ বৰুৱা, তেৰচ গোৱালা, অসম গৌৰৱ হেমপ্ৰভা বৰুৱা, পৌৰপতি ডাঃ চৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, মটক স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, নৱনীতা সন্দিকৈকে আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক বিভাস দুৱৰা