নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্দিষ্টসংখ্যক টুইটৰহে অনুজ্ঞা, ‘অপব্যৱহাৰ’ ৰোধৰ অৰ্থে সীমাৰেখা ইলনৰ

বিশেষ বাৰ্তা, ২ জুলাই : এতিয়াৰ পৰা টুইটাৰত ইচ্ছা অনুযায়ী অসংখ্য টুইট পঢ়িব নোৱাৰিব। বৰঞ্চ এক নিৰ্দিষ্ট সংখ্যাৰ টুইটহে পঢ়াৰ সীমাৰেখা বান্ধি দিলে। টুইটাৰৰ মুৰব্বী ইলন মাস্কে শনিবাৰে এই কথা টুইটত উল্লেখ কৰে। কোটিপতি উদ্যোগপতিগৰাকীয়ে কয় যে তেওঁৰ সংস্থাই এই পদক্ষেপ ল’বলৈ ওলাইছে যাতে টুইটাৰৰ তথ্যৰ অপব্যৱহাৰ নহয়। টুইটাৰৰ এই সিদ্ধান্তৰ ফলস্বৰূপে ‘ব্লু টিক’ অৰ্থাৎ ‘ভেৰিফাইড একাউণ্ট’ধাৰীসকলে দিনটোত ৬ হাজাৰ প’ষ্ট পৰ্যন্ত পঢ়িব পাৰিব। ‘আনভেৰিফাইড একাউণ্ট’ ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে ৬০০ পোষ্ট পঢ়িব পাৰিব। টুইটাৰত নতুনকৈ অহাসকলৰ বাবে এই সংখ্যা ৩০০। অৱশ্যে আন এটা টুইটত মাস্কে কয় যে অতি সোনকালে এই সংখ্যা ক্ৰমে ৮০০০, ৮০০ আৰু ৪০০লৈ বৃদ্ধি কৰা হ’ব। এই সিদ্ধান্তৰ কাৰণ ব্যাখ্যা কৰি টুইটাৰৰ মুৰব্বীগৰাকীয়ে কয় যে শ শ কোম্পানীয়ে টুইটাৰৰ ডাটা ‘অতি আক্ৰমণাত্মকভাৱে’ চুৰি কৰি আছে। ফলত মাইক্ৰ’ ব্লগিং ছাইটৰ গ্ৰাহক সেৱাৰ ক্ষতি হৈছে বুলি তেওঁ কয়।

You might also like