নিয়মীয়া বাৰ্তা, ২ জুলাই : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে ডি আই জি পাৰ্থসাৰথি মহন্তৰ তৎপৰতাত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু স্পেচিয়েল টাস্ক ফ’ৰ্চৰ সহযোগত কালি নিশা হাজোত পুনৰ ৪০টাকৈ ড্ৰাগছভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ হয়। উদ্ধাৰকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় চাৰি কোটি টকা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, এসপ্তাহ পূৰ্বে আৰক্ষীয়ে আটক কৰা দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই জব্দকৃত ফৰ্চুনাৰ বাহনখনৰ দৰ্জাত কৌশলেৰে ৰখা ৪০টাকৈ মাৰাত্মক ড্ৰাগছভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। উল্লেখ্য যে যোৱা ২৫ জুনত এক গোপন খবৰৰ ভিত্তিত হাজো আৰক্ষীয়ে হাজো আৰক্ষী থানাৰ সমীপত পোৱামক্কা দৰ্গাহৰ গেটত অভিযান চলাই থকা মূহুৰ্তত গুৱাহাটীৰ দিশৰ পৰা হাজো-বৰপেটা অভিমুখী এ এছ-০১- ডি টি-২৮৭৬ নম্বৰৰ এখন ফৰ্চুনাৰ বাহন সেই স্থান পাইছিল। বাহনখন আৰক্ষীৰ মুখামুখি হৈ আৰক্ষীৰ বাহনত খুন্দিয়াই হাজোৰ পোৱামক্কা দৰ্গাহ পথৰে তীব্ৰ গতিত পলায়নৰ চেষ্টা কৰিছিল। কিন্তু আৰক্ষীয়েও ফৰ্চুনাৰ বাহনখনক লক্ষ্য কৰি পিছে পিছে খেদি গৈছিল। তেনে সময়তে তীব্ৰ বেগী ফৰ্চুনাৰ বাহনখন পোৱামক্কা দৰ্গাহৰ একা-বেঁকা পথত নিয়ন্ত্ৰণ হেৰুৱাই গড়ুৰাচল পাহাৰৰ ওপৰৰ পৰা প্ৰায় ১০০ ফুট তলত বাগৰি পৰিছিল। ততালিকে আৰক্ষী সেই স্থানত উপস্থিত হৈ ফৰ্চুনাৰ বাহনখনৰ পৰা কেইবাকোটি মূল্যৰ ১০০টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচসহ ড্ৰাগছ সৰবৰাকাৰীক আটক কৰিছিল।
প্ৰেৰক ছাহজাহান ইছলাম