নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত গাখীৰৰ নামত বৰবিহ

নিয়মীয়া বাৰ্তা, ২ জুলাই : গাখীৰ নে বৰবিহ? ধুবুৰী চহৰত গাখীৰৰ নামত কি বিক্ৰী কৰি আহিছে এচাম অসাধু গাখীৰ বিক্ৰেতাই? আজি পুৱা ধুবুৰী চহৰৰ মাজমজিয়াৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন কৰিছে । উল্লেখ্য যে প্ৰতিদিনে অঞ্চলটোৰ বৰলুইতৰ পাৰঘাটত কাষৰ বিভিন্ন চৰাঞ্চলৰ পৰা নাওেৰে আহি উপস্থিত হোৱা গাখীৰ বিক্ৰেতাৰ পৰা গাখীৰ ক্ৰয় কৰিবলৈ আহে চহৰখনৰ বহুতেই। অন্যান্য দিনৰ দৰে আজি পুৱাও অঞ্চলটোত আগমন ঘটিছিল গাখীৰ বিক্ৰেতাকে ধৰি গাখীৰ ক্ৰয় কৰিবলৈ অহা ৰাইজৰ। ইয়াৰ মাজতে একাংশ লোকে স্থানীয় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ ৰাজপথৰ দাঁতিত এগৰাকী গাখীৰ বিক্ৰেতাই সৰু টেমা এটাৰ পৰা গাখীৰত হালধীয়া কিবা কেমিকেলজাতীয় সামগ্ৰী মিহলি কৰা প্ৰত্যক্ষ কৰে। ৰাইজে গাখীৰখিনিকে ধৰি সেই হালধীয়া বৰণৰ কেমিকেলজাতীয় পদাৰ্থ থকা টেমাটো জব্দ কৰে যদিও ইয়াৰ মাজতে গাখীৰ বিক্ৰেতাগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। তদুপৰি দীৰ্ঘদিনৰ পৰাই ধুবুৰীৰ অসাধু গাখীৰ ব্যৱসায়ী এচামে গাখীৰৰ ঠাইত বিশেষ এবিধ পাউডাৰজাতীয় সামগ্ৰীও বিক্ৰী কৰি অহাৰ সন্দেহ প্ৰকাশ কৰি আহিছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আজিলৈ চহৰখনত বিক্ৰী কৰিবলৈ অনা গাখীৰৰ মান নিয়মিত পৰীক্ষা কৰাৰ বাবে প্ৰশাসন অথবা খাদ্য সুৰক্ষা বিভাগে কোনো পদক্ষেপ লোৱা দেখা নাই ৰাইজে। ফলত স্বাভাৱিকভাৱেই আজিৰ এই ঘটনাটোৰ পিছত চহৰখনত হঠাতে স্বাস্থ্যজনিত অঘটন সংঘটিত হোৱাৰ আশংকা নথকা নহয় বুলি মত পোষণ কৰিছে বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like