নিয়মীয়া বাৰ্তা, ২ জুলাই : বিলাসীপাৰাৰ বৰকান্দাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আজি সংঘটিত হয় এটা পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এগৰাকী মহিলাই থিতাতে মৃত্যুবৰণ কৰাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিলাসীপাৰাৰ পৰা এ এছ-১৭ চি-২২৫৪ নম্বৰৰ এখন যাত্ৰীবাহী টেম্প’ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে ধুবুৰীলৈ ৰাওনা হয়। বৰকান্দা পাওঁতে টেম্প’খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোত এগৰাকী মহিলাই থিতাতে মৃত্যুবৰণ কৰে। মৃত্যু হোৱা মহিলাগৰাকী কাঁঠালদি তৃতীয় খণ্ড গাঁৱৰ মনোৱাৰা বেগম বুলি জানিব পৰা গৈছে। আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। পিছত ঘটনাস্থলীত নয়াহাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আন আহত চাৰিজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
প্ৰেৰক সমৰেশ শীল শৰ্মা