নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যাভৱন নিত্যানন্দ প্ৰাক্তন শিক্ষাৰ্থী সমন্বয় সমিতি গঠন

📌 কৃতী শিক্ষাৰ্থীক চাইকেল- নগদ ধন প্ৰদান

নিয়মীয়া বাৰ্তা, ২ জুলাই : বজালীৰ নিত্যানন্দত ১৯৫০ চনৰ ৯ ফেব্ৰুৱাৰীতে স্থাপিত বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ শৈক্ষিক তথা সামগ্ৰিক উন্নয়নৰ উদ্দেশ্যে যোৱা ২৯ জুনত প্ৰাক্তন শিক্ষাৰ্থীৰ দ্বাৰা ১৬২জন প্ৰাক্তন শিক্ষাৰ্থীৰ উপস্থিতিত “বিদ্যাভৱন নিত্যানন্দ প্ৰাক্তন শিক্ষাৰ্থী সমন্বয় সমিতি” গঠন কৰা হয়৷ উল্লেখযোগ্য যে বিদ্যাভৱনৰ পৰা ১৯৭৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থানপ্ৰাপ্ত ছাত্ৰ ভৰালী দেৱৰ নেতৃত্বত প্ৰাক্তন শিক্ষাৰ্থীসকল বিদ্যাভৱনৰ সামগ্ৰিক উন্নয়নৰ বাবে একত্ৰিত হয়৷ আনহাতে, সমন্বয় সমিতিৰ সভাপতি ভূপেন্দ্ৰ বৰ্মনৰ সভাপতিত্বত ১ জুলাইত বিদ্যাভৱন নিত্যানন্দৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ দীপাংকৰ মেধিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন চাইকেল প্ৰদান কৰা হয় ৷ আনহাতে, একেখন শিক্ষানুষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭.৫% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী দিব্যজ্যোতি দাসক আজি সমিতিয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে চাৰি হাজাৰ টকা প্ৰদান কৰা হয়। চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে এনেদৰে একত্ৰিত হৈ গ্ৰহণ কৰা এই প্ৰেৰণাদায়ক পদক্ষেপৰ অঞ্চলটোৰ ৰাইজে শলাগ লয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like