📌 ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী লীজত দিয়াৰ সিদ্ধান্ত স্থগিত
বিশেষ বাৰ্তা, ২ জুলাই : গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী লীজত দিয়াৰ সিদ্ধান্ত স্থগিত ৰাখিছে ৰাজ্য চৰকাৰে ৷ আজিৰে পৰা দীঘলীপুখুৰীৰ কাম–কাজ অসম পর্যটন উন্নয়ন নিগমে চলাব ৷- এই মন্তব্য অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাৰ ৷ আজি এখন সংবাদ মেলত অধ্যক্ষ বৰুৱাই কয় যে ২০০৯ চনৰ পৰা চলিত বর্ষলৈ মেহবুব আলী নামৰ এজন লেচীয়ে দীঘলীপুখুৰী লীজত চলাই আছিল ৷ লেচীগৰাকীয়ে চৰকাৰক অতি কম পৰিমাণে ৰাজহ আদায় দি কাম চলাই আহিছিল ৷ লেচীগৰাকীক আবণ্টনৰ ম্যাদ শেষ হোৱাৰ পাছত পর্যটন উন্নয়ন নিগমে নতুনকৈ নিবিদা আহ্বান কৰে ৷ জনসাধাৰণে দীঘলীপুখুৰীৰ সৌন্দর্যবর্ধনৰ লগতে নৌকাবিহাৰ আদিৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাই আহিছিল ৷ সেয়ে নৌকাবিহাৰৰ ক্ষেত্রত বিশেষ দক্ষতা থকা প্রতিষ্ঠান বিচাৰি নিবিদা আহ্বান কৰে ৷ প্রথমবাৰ নিবিদা আহ্বান কৰাত মাত্র তিনিটা প্রতিষ্ঠানেহে অংশগ্রহণ কৰে ৷ দ্বিতীয়বাৰ নিবিদা আহ্বান কৰাত এখনো নিবিদা দাখিল নহ’ল ৷ তৃতীয়বাৰ নিবিদা কৰাতহে বহুসংখ্যক প্রতিষ্ঠানে নিবিদাত অংশগ্রহণ কৰে ৷ এই নিবিদাত অংশগ্রহণ কৰা এটা প্রতিষ্ঠান হৈছে ইচিএইচটি৷ এই প্রতিষ্ঠানটো অসমৰে প্রতিষ্ঠান ৷ টংলাৰ কৃষ্ণপুৰ চাহ বাগিচাৰ স্বত্বাধিকাৰীজনেই হৈছে উক্ত প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৷ তেওঁ গুৱাহাটীৰেই বাসিন্দা ৷ কিন্তু সেই প্রতিষ্ঠানটোৱে যিহেতু নৌকাবিহাৰৰ দৰে ৱাটাৰ এক্টিভিটিছৰ কাম কৰে, সেয়ে অসমৰ সেই প্রতিষ্ঠানটোৰ মুখ্য কার্যালয় আহমেদাবাদত স্থাপন কৰি দেশৰ ৮খন ৰাজ্যত কাম–কাজ চলাই আহিছে ৷ দীঘলীপুখুৰীতো যিহেতু নৌকাবিহাৰৰ দৰে নিৰাপত্তাজনিত কাম–কাজ চৰকাৰে আৰম্ভ কৰিব বিচাৰিছে, সেয়ে বিশেষজ্ঞ নথকা প্রতিষ্ঠানক সেই কামটো দিয়া সমীচীন নহয় বুলি বিবেচনা কৰিয়েই নিগমে উক্ত প্রতিষ্ঠানটোক কামটো দিয়াৰ বাবে বিবেচনা কৰিছে ৷ সংবাদ মাধ্যমত প্রকাশ পাবৰ দৰে প্রতিষ্ঠানটো বহিঃৰাজ্যৰ নহয়, অসমৰেই প্রতিষ্ঠান ৷ তথাপি বিষয়টোক লৈ বিতর্ক হোৱাৰ বাবেই চৰকাৰে দীঘলীপুখুৰী লীজত দিয়াৰ সিদ্ধান্ত স্থগিত ৰাখি সমগ্র প্রক্রিয়াটো অসম পর্যটন উন্নয়ন নিগমে চলাই নিয়াৰ সিদ্ধান্ত লৈছে ৷ অসম পর্যটন উন্নয়ন নিগমেই নিজেই দীঘলীপুখুৰীত ৱাটাৰ এক্টিভিটিছৰ কাম–কাজ চলাই নিব ৷ সংবাদ মেলখনত অধ্যক্ষ বৰুৱাই আৰু কয় যে ২০১৮ চনত অনুষ্ঠিত আছাম এডভাণ্টেজত টংলাৰ উক্ত প্রতিষ্ঠানটোৱে বিনিয়োগৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰিছিল ৷