নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিমানবন্দৰত বিমানবন্দৰ উপদেষ্টা সমিতিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

বিশেষ বাৰ্তা, ২ ​জুলাই : কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ সভাপতিত্বত আজি ডিব্ৰুগড় বিমানবন্দৰৰ বিমানবন্দৰ উপদেষ্টা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। উজনি অসমৰ অন্যতম ব্যস্ত বিমানবন্দৰ ডিব্ৰুগড় বিমানবন্দৰৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ হিচাপে ডিব্ৰুগড় বিমানবন্দৰৰ সভাকক্ষত অনুষ্ঠিত হোৱা পৰামৰ্শদাতা সমিতিখনৰ বৈঠকত পৌৰোহিত্য কৰি বিমানবন্দৰটোত চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ লগতে যাত্ৰীসকলৰ সুবিধাৰ্থে লবলগীয়া যাৱতীয় বিভিন্ন দিশত বিভিন্ন পৰামৰ্শ আগবঢ়ায় সমিতিৰ অধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। বিমানবন্দৰ উপদেষ্টা সমিতিৰ মূল উদ্দেশ্য হৈছে যাত্ৰীৰ সুবিধাৰ দৃষ্টিকোণৰ পৰা বিমানবন্দৰসমূহ ব্যৱহাৰকাৰীৰ বাবে অনুকূল কৰি তোলা।বিমানবন্দৰত যাত্ৰীৰ বাবে উপলব্ধ বিভিন্ন সা-সুবিধা আৰু সেৱাৰ বিষয়ে অৱগত কৰা হয় আৰু কমিটীয়ে উপলব্ধ হ’বলগীয়া অতিৰিক্ত সা-সুবিধা সন্দৰ্ভত আলোচনা কৰে। বৰ্তমানে চলি থকা আৰু পৰিকল্পিত আন্তঃগাঁথনি উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ কামৰ অৱস্থাও সমিতিখনে পৰ্যালোচনা কৰে। বিমানবন্দৰৰ পৰিচালকে বিমানবন্দৰৰ স্বাস্থ্যকৰ পৰিৱেশ, মূলতঃ যাত্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিৰ্দ্ধাৰণ কৰা সুবিধাসমূহ, বিমান আন্তঃগাঁথনিৰ উপলব্ধতা, চলি থকা উন্নয়নমূলক কামৰ লগতে চলি থকা সম্প্ৰসাৰণ, সংস্কাৰ আৰু আধুনিকীকৰণ প্ৰকল্পৰ বিষয়ে উপস্থাপন কৰে। সভাত ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, বিমানবন্দৰৰ বিষয়ববীয়াকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। বৈঠকত কিছুমান আন্তঃগাঁথনি উন্নয়নৰ কামৰ লগতে ডিব্ৰুগড় বিমানবন্দৰৰ ৰানৱে সম্প্ৰসাৰণ আৰু নিৰ্মাণ তথা নতুন এটিচি টাৱাৰ তথা কাৰিকৰী ব্লকৰ উদ্বোধনৰ বিষয়েও বিশদভাবে আলোচনা কৰা হয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like