নিয়মীয়া বাৰ্তা, ৩ জুলাই : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি অসম চৰকাৰৰ ‘কোচ ৰাজবংশী উন্নয়ন পৰিষদ’ৰ পুঁজিৰ অধীনত নলবাৰী জিলাৰ বৰকুছি মিলনপুৰত নিৰ্মাণ হ’ব লগা চিলাৰায় ভৱন প্রকল্পৰ শিলান্যাস সম্পন্ন কৰে। কোচ ৰাজবংশী লোকসকলে এইটো ভৱনত সভা-সমিতি অনুষ্ঠিত কৰাৰ বাবে ব্যৱহাৰ কৰাৰ উপৰি অতিথিশালা হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰি জনগোষ্ঠীটোৰ দুখীয়া শ্ৰেণীৰ মেধাৱী ছাত্র-ছাত্ৰীসকলে এই চিলাৰায় ভৱনত হোষ্টেল হিচাপে থকাৰ সুবিধাও লাভ কৰিব পাৰিব ।
প্ৰেৰক শ্বাহ আলম আহমেদ