নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ শিৱসাগৰ জিলা আৱকাৰী বিভাগৰ একাংশ বিষয়াৰ ঘোচখোৰ মনোবৃত্তিৰ বাবেই ঐতিহ্যমণ্ডিত জিলাখনৰ য’তে ত’তে ৰঘূমলাৰ দৰে বৃদ্ধি পাই অহা অৱৈধ সুৰাৰ ঘাটীক কেন্দ্ৰ কৰি ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনাই সংবাদ শিৰোনামা দখল কৰি থকাৰ সময়তেই যোৱা নিশা সংঘটিত হল হত্যাৰ দৰে এক নৃশংস ঘটনা ৷ আবকাৰীৰ কৃপাত গঢ়ি উঠা অৱৈধ সুৰাৰ ঘাটীৰ পৰা ওলাই অহা এজন যুৱকে সমনীয়া আন এজন যুৱকক চাবিৰে খুঁচি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ শিৱসাগৰতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত কোঁৱৰপুৰ মৌজাৰ ন-কটানি গাঁৱত সংঘটিত এই ভয়ংকৰ ঘটনাত জিন্টু ভূঞা (২৮) নামৰ এজন বিবাহিত যুৱকে অতি কৰুণভাৱে মৃত্যুক সাৱটি লোৱাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ ইতিমধ্যে জিন্টু ভূঞাৰ মৃত্যুৰ পিছতেই পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত পল্লৱ শইকীয়া নামৰ হত্যাকাৰী যুৱক জনক শিৱসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত বাতৰি মতে পেছাত এগৰাকী ৱেল্ডিং মিস্ত্ৰী পল্লৱ শইকীয়াই কালি নিশা প্ৰায় চাৰে আঠ মান বজাত বলিয়াঘাট জি জি এচ ছাৰিআলিত এখন আপাচী বাইকেৰে আহি জিন্টু শইকীয়াৰ সৈতে কিবা কথাত তৰ্কাতৰ্কীত লিপ্ত হয় ৷ জানিব পৰা মতে এটা পাচঁ বছৰীয়া সন্তানৰ পিতৃ জিন্টুৱে দুমাহৰ পুৰ্বলৈকে দেৰগাঁৱৰ এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰি আছিল ৷ শেহতীয়াকৈ ব্যক্তিগত কোম্পানীৰ চাকৰি এৰি ন-কটানিৰ নিজ গৃহত খেতি বাতিৰ কামত ব্যস্ত হৈ আছিল ৷কালি নিশাও বিশেষ কামত বলিয়াঘাটৰ পৰা উভতি যোৱাৰ পথত বিপৰীত দিশৰ পৰা আপাচী বাইকেৰে আহি থকা পল্লৱ শইকীয়াই জি জি এচ ছাৰিআলিত জিন্টুক ৰখাই কিবা এটা কথাক লৈ তীব্ৰ তৰ্কাতকিত লিপ্ত হয় ৷ ইয়াৰ পিছতেই দুই বন্ধুৰ মাজত চলি থকা বাদানুবাদৰ সময়তেই উদণ্ড পল্লৱে আপাচী বাইকৰ চাবিটোৰে জিন্টু শইকীয়াৰ মূৰৰ বাওঁ ফালৰ অংশ অৰ্থাত চকুৰ সামান্য ওপৰৰ কঁপালত প্ৰচণ্ড জোৰেৰে ঘোচা মাৰি দিয়ে ৷ তীব্ৰ বেগত চাবিটো খামুচি মাৰি মৰা ঘোঁচাত কঁপালত চাবিটো সোমাই ৰক্তক্ষণ হবলৈ ধৰে ৷ দুই বন্ধুৰ মাজত হোৱা কাজিয়া আৰু সুৰাৰ ঘাটীৰ পৰা মাতাল অৱস্থাত ওলাই অহা পল্লৱৰ আক্ৰমণত ধৰাশায়ী হোৱা জিন্টুক উদ্ধাৰৰ বাবে আন কেইবাজনো যুৱক ওলাই আহে ৷ নাকে মুখে তীব্ৰ ৰক্তক্ষৰণ হোৱা আহত জিন্টুক আন এজন যুৱকে নিজৰ গাড়ীত তুলি ন- কটানিৰ ঘৰত নমাই থৈ আহে ৷ওৰে নিশা প্ৰচণ্ড বেগত ৰক্তক্ষৰণ হৈ থকা জিন্টুৱে পুঁৱাৰ ভাগত কথমপি বিছনাৰ পৰা উঠি এগিলাছ পানী খাই পুণৰ শোৱা পাটীত পৰে ৷ ইফালে পত্নীয়ে পুৱা প্ৰায় আঠ বজা পৰ্য্যন্ত জিন্টু বিছনাৰ পৰা নুঠাৰ লগতে শৰীৰ ঠাণ্ডা হৈ যোৱাৰ বাবে ওচৰ চুবুৰীয়াৰ সহায় বিচৰাৰ ওপৰিও একেখন গাঁৱতে থকা পিতৃ গৃহৰ মানুহকো মাতি পঠিয়াই ৷অৱশ্যে তেতিয়ালৈকে বিছনাত নিঠৰ হৈ চিৰদিনৰ বাবে চকু মুদিছিল জিন্টু ভূঞাই ৷ ঘটনাৰ খবৰ পাই এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত সদৰ থানাৰ এটা আৰক্ষীৰ দলৰ লগতে এগৰাকী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয় মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনাস্থলীত দুৰ্ভগীয়া পত্নী মনীষা শইকীয়াই উপ আৰক্ষী অধীক্ষকৰ হাতত অৰ্পণ কৰা এজাহাৰৰ ভিত্তিত পলায়নৰ চেষ্টা চলোৱা হত্যাকাৰী পল্লৱ শইকীয়াক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ মাৰাথান জেৰাত হত্যাকাৰী পল্লৱে চাবিৰে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতেই ভাৰতীয় দণ্ডবিধি ৩০২ ধাৰাৰ অধীনত এটা হত্যাৰ গোচৰ পঞ্জীয়ন কৰি পল্লৱক জেৰা অব্যাহত ৰাখিছে ৷চিকিৎসকৰ এক সুত্ৰই জানিবলৈ দিয়া মতে চাবিৰে মগজু স্পৰ্শ কৰা আৰু অধিক ৰক্তক্ষৰণৰ বাবেই জিন্টুৰ কৰুণ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ৷শেহতীয়া বাতৰি মতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই মৃতদেহ জিন্ট ভূঞাৰ ওপজা গৃহৰ সমীপতেই থকা পুৰণা বাৰীৰ কাষত বহু গুণ মুগ্ধ, আত্মীয় স্বৰ্জনৰ উপস্থিতিত আজি সন্ধিয়া শেষ কৃৰ্ত্য সম্পন্ন কৰা হয় ৷ ৰাইজে জিন্টু ভূঞাৰ মৃত্যুৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী জনোৱাৰ লগতে যতে ততে গঢ়ি উঠা অৱৈধ সুৰাৰ ঘাটী উচ্ছেদৰ বাবে দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান