✅ৰাজ্যৰ প্রথমখন জল জীৱন সন্মিলনত মুখ্যমন্ত্রীৰ অংশগ্রহণ
✅কর্মৰ সৈতে আধ্যাত্মিকাৰ সংযোগ সাধনত মুখ্যমন্ত্রীৰ গুৰুত্ব
✅অসমে আজি দেশৰ উন্নত ৰাজ্যৰে প্রতিযোগিতাত অৱতীর্ণ হবলৈ সক্ষম হৈছে
বিশেষ বাৰ্তা, ৩ জুলাইঃ এদিনীয়া ভ্রমণসূচীৰে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ আজি অঞ্চলটোৰ দ্রুত বিকাশ আৰু উন্নয়নত সহায়ক হোৱাকৈ কেহবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে কেহবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে মুঠ ১৬৪.১৪ কোটি টকা ব্যয় সাপেক্ষে আজি শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন হোৱা প্রকল্প সমূহে জিলাখনৰ বিকাশত এক নতুন মাত্রা সংযোজন কৰিব৷ আনহাতে মুখ্যমন্ত্রীয়ে জল জীৱন মিছনৰ অংশীদাৰী গাঁৱৰ ৰাইজ, পানী উপভোক্তা কমিটীৰ সদস্য, জল মিত্র, জল দূত, গাঁও পঞ্চায়তৰ সদস্য, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্রৰ প্রতিনিধিক সামৰি অনুষ্ঠিত ৰাজ্যৰ প্রথমখন জল জীৱন সন্মিলনতো অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রীয়ে আজি প্রথমতে নলবাৰী গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ যোৱা ১.৫০ কিলোমিটাৰ দৈর্ঘ্যৰ পথটো গৌৰৱ পথ হিচাপে নামকৰণ কৰাৰ লগতে উন্নীতকৰণ কাম শুভাৰম্ভ কৰে৷ নলবাৰী চহৰৰ এই মূল প্রৱেশ পথটো ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা আৰম্ভ হৈ নলবাৰীৰ হৰি মন্দিৰৰ ওচৰৰ এন টি ৰোডত শেষ হৈছে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রী ডঙ্ম শর্মাই আজি নলবাৰীৰ বৰকুছি মিলনপুৰত চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ ২ বিঘা ২ কঠা ১৫লেচা ভূমিত নির্মাণ হবলগীয়া নলবাৰী জিলা কোচ–ৰাজবংশী সন্মিলনীৰ মুখ্য কার্যালয় এই চিলাৰায় ভৱনৰ নির্মাণৰ বাবদ ব্যয় হব ২.১০ কোটি টকা৷ ৫২০০ বর্গফুটৰ এই দুমহলীয়া ভৱনৰ ওপৰ মহলাত কার্যালয়, অতিথিগৃহ, সভাগৃহ আৰু ভূমি মহলাত ব্যৱসায়ীক বিপনী কোঠাৰ লগতে চাৰিটা অতিথি কোঠা আৰু চাৰিটা সাধাৰণ সংলগ্ণ কোঠা থাকিব৷ চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কার্যসূচীৰ পিছত মুখ্যমন্ত্রীয়ে নলবাৰী ধমধমা পথত নির্মিত দুইলেনযুক্ত উৰণীয়া সেঁতুখন শুভ উদ্বোধন কৰে৷ ৭.৫ মিটাৰ প্রস্থৰ ৪৬৭.২৪ মিটাৰ দৈর্ঘ্যৰ এই সেঁতুখনৰ নির্মাণত ব্যয় হৈছে ৫৪.২৯ কোটি টকা৷ ড০ শর্মাই আজি নলবাৰীবাসীৰ সুবিধার্থে পৰিবহন সেৱাত নতুন সংযোজন ঘটাই অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত নতুনকৈ চিটিবাছ সেৱাৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ জিলাখনৰ বিভিন্ন গাঁও সামৰি লৈ আৰম্ভ হোৱা এই চিটিবাছ সেৱাৰ অধীনত নলবাৰী চহৰৰ পৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ বাছ চলাচলৰ ব্যৱস্থা কৰা হৈছে৷ এই সেৱাৰ জৰিয়তে মুকালমুৱাৰ পৰা বিজুলীঘাট হৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ দুখন বাছ, নলবাৰীৰ এ এছ টি চি বাছ আস্থানৰ পৰা সন্ধ্যা, সত্রা হৈ নলবাৰীৰ চিকিৎসা মহাবিদ্যালয়লৈ এখন বাছ আৰু নলবাৰী এ এছ টি চি বাছ আস্থানৰ পৰা বিজুলীঘাটৰ হাজো পথ হৈ নলবাৰী চিকিৎসা মহাবিদ্যালয় সংযোগ কৰি ঘগ্রাপাৰলৈ এখন বাছ চলাচল কৰিব৷ এই বাছসেৱা পুৱাৰ পৰা সন্ধিয়ালৈ অব্যাহত থাকিব৷ ড০ শর্মাই আজি নলবাৰীৰ সোণপুৰ ৯নং ৱার্ডত ভাৰতীয় জনতা পার্টি, নলবাৰী জিলা সমিতিৰ নৱনির্মিত স্থায়ী কার্যালয় ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ তদুপৰি তেওঁ পূৱ নলবাৰী মণ্ডল সমিতিৰ স্থায়ী কার্যালয়ৰো আধাৰশিলা স্থাপন কৰে৷ তেওঁ চৰকাৰী গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০০০খন আসনযুক্ত প্রেক্ষাগৃহ এটাৰো আধাৰশিলা স্থাপন কৰে৷ গৃহ আৰু নগৰপৰিক্রমা বিভাগৰ অধীনত ২৬.০৮ কোটি টকা ব্যয়ৰে নির্মাণ হবলগীয়া এই অত্যাধুনিক প্রেক্ষাগৃহটোত গ্রীণৰূম, ভি আই পি লাউঞ্জ, কনফাৰেন্স হল, শিশু উদ্যান তথা পার্কিং আদিৰ সুবিধা উপলব্ধ হব৷ মুখ্যমন্ত্রীয়ে ইয়াৰ পিছতে চৰকাৰী গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত ৰাজ্যৰ প্রথমখন জল জীৱন সন্মিলন আৰু বিভিন্ন প্রকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰে৷ এই অনুষ্ঠানত তেওঁ ৩৮ কোটি টকা ব্যয় সাপেক্ষে এ আই আই বিৰ প্রকল্পৰ অধীনত চাৰিটা ৩৩১১ কেভি উপকেন্দ্র, ১১.৫৫ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্রীৰ মথাউৰি পকীকৰণ আঁাঁচনিৰ অধীনত ৭.৬০ কিলোমিটাৰ দৈর্ঘ্যৰ তিনিটা প্রকল্পৰ তিনিটা পথ, ১.৫৪ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্রীৰ পকী পথ নৱীকৰণ আঁাঁচনিৰ অধীনত ৬ টা প্রকল্প আৰু মুখ্যমন্ত্রীৰ পকী পথ নির্মাণ আঁাঁচনিৰ অধীনত ৩০.৫৮ কোটি টকা ব্যয় সাপেক্ষে ১৫ টা পথ প্রকল্পৰ ভার্চুৱেলী আধাৰশিলা স্থাপন কৰে৷ অনুষ্ঠানত জল জীৱন আঁাঁচনিখন ৰাইজৰ আঁচনি বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে খোৱাপানী বিশুদ্ধ হলে মানুহে নিৰোগী জীৱন–যাপন কৰিব পাৰে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০২৪ চনৰ ভিতৰত প্রতিটো পৰিয়ালৰ সদস্যক ৫৫ লিটাৰ পানী দিয়াৰ উদ্দেশ্যৰে এই আঁাঁচনিখন আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে স্বাধীনতাৰ পিছত পোন প্রথমবাৰৰ বাবে বিশুদ্ধ খোৱাপানীৰ মাধ্যমেৰে নিৰোগী জীৱন–যাপন কৰাৰ কথা চিন্তা কৰি প্রধানমন্ত্রীয়ে এই আঁাঁচনিখন আৰম্ভ কৰিছে৷ ৰাজ্য চৰকাৰে এই আঁাঁচনিখন ৰূপায়ণৰ ক্ষেত্রত ৫০ শতাংশ সফলতা লাভ কৰিছে বুলি সদৰি কৰি ডঙ্ম শর্মাই কয় যে ২০২৪ চনৰ ভিতৰত অসমে এই আঁচনিখন ৰূপায়ণত ১০০ শতাংশ সফলতা লাভ কৰিবলৈ সক্ষম হব৷ যিকোনো কর্মৰ সৈতে আধ্যাত্মিকতাৰ সংযোগ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে কয় যে কর্মৰ সৈতে আধ্যাত্মিকতাৰ সংযোগ সাধনে কার্য সম্পাদনক এক বিশেষ মাত্রা প্রদান কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শিক্ষানুষ্ঠান, চিকিৎসালয়, উৰণ সেতু আদিক বিকাশ তীর্থ ৰূপে অভিহিত কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এনে বিকাশ তীর্থসমূহ ভ্রমণ কৰিলে সেইসমূহৰ সৈতে এক গভীৰ আন্তৰিকতা গঢ়ি উঠে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে যিকোনো প্রকল্পকে বিকাশ তীর্থ হিচাপে গণ্য কৰিলে এই প্রকল্পসমূহ সদায়ে জীৱন্ত হৈ থাকিব৷ ইতিমধ্যে ৰাজ্যখনৰ ৩৫ লাখ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে নির্দ্ধাৰিত সময়ৰ ভিতৰত জল জীৱন মিশ্যন আঁাঁচনিখনৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হব আৰু বর্তমানলৈ এই আঁচনিখনৰ জৰিয়তে অসমৰ গ্রামাঞ্চলত থকা ৪৪৪৩৫ খন বিদ্যালয়ৰ ভিতৰত ৪০৫৬৭ খন আৰু ৩৬৬৯০ টা অংগনৱাডী কেন্দ্রৰ ভিতৰত ৩২০৩৭ টা কেন্দ্রলৈ ইতিমধ্যে পানী যোগান ধৰা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রতিটো দৰিদ্র সীমাৰেখাৰ তলৰ পৰিয়ালক ৰেচন কার্ড দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷ অহা অক্টোবৰ মাহত ৪০ লাখ পৰিয়ালক ৰেচন কার্ড প্রদান কৰা হব বুলি উল্লেখ কৰি তেওঁ কয় যে এই কার্ডখনৰ জৰিয়তে হিতাধিকাৰীসকলে বিনামূলীয়াকৈ চাউল লাভ কৰাৰ উপৰি বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও লাভ কৰিব৷ তেওঁ কয় যে অৰুণোদয় আঁাঁচনিৰ জৰিয়তে অহা ছেপ্ঢেম্বৰ মাহত নতুনকৈ ৭ লাখ হিতাধিকাৰীক সামৰি লোৱা হব৷ এই ৭ লাখ হিতাধিকাৰীয়ে অৰুণোদয় আঁাঁচনি লাভ কৰিলে ৰাজ্যখনত প্রায় ২৬ লাখ মহিলাক এই আঁাঁচনিখনৰ জৰিয়তে সামৰি লব পৰা যাব৷ এই আঁচনিখনৰ ধনৰাশি ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি কৰা হব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে প্রতিটো আত্মসহায়ক গোটৰ সদস্যসকলক আত্মসংস্থাপনৰ সুবিধার্থে ১০ হাজাৰ টকাকৈ ৰাজ্য চৰকাৰে প্রদান কৰিব৷ এই দিশত সফলতা লাভ কৰিলে বেংকৰ পৰা ২৫ হাজাৰ টকা ঋণ হিচাপে লাভ কৰিব আৰু এই টকাৰ বাবদ দিবলগীয়া সুদ ৰাজ্য চৰকাৰে প্রদান কৰিব৷ ২ লাখ নিবনুৱা যুৱক–যুৱতীক উদ্যোগ বা ব্যৱসায়–বাণিজ্যৰ বাবে ২ লাখ টকাকৈ আগবেোৱা হব বুলিও তেওঁ সদৰি কৰে৷ তেওঁ লগতে মন্তব্য কৰে যে জল জীৱন মিশ্যন, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ দৰে কেন্দ্রীয় চৰকাৰৰ আঁাঁচনিসমূহ দ্রুত গতিত ৰূপায়ণ কৰা হৈছে৷ ৰাজ্য চৰকাৰে বিগত দুটা বছৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি ৰাজ্যখনক আগুৱাই নিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি অসমে এখন শক্তিশালী ৰাজ্য হিচাপে পৰিচয় লাভ কৰিছে আৰু সকলো ক্ষেত্রতে অসমে আজি ভাৰতৰ উন্নত ৰাজ্যসমূহৰ সৈতে প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ সক্ষম হৈছে৷ অসম চৰকাৰে ৰাজ্যত নতুনকৈ ৮ খন বিশ্ববিদ্যালয় স্থাপন কৰিব বুলিও তেওঁ ভাষণ প্রসংগত সদৰি কৰে৷ অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে জল মিত্রসকলক ইউনিফর্ম আৰু আঁচনি পৰিচালনাৰ সুবিধার্থে প্রয়োজনীয় সামগ্রী প্রদান কৰাৰ লগতে জল জীৱন আঁচনিৰ অধীনৰ প্রকল্পৰ পানীৰ গুণমানকে ধৰি বিভিন্ন তথ্য জনসাধাৰণে যাতে সহজে লাভ কৰিব পাৰে তাৰ সুবিধার্থে জল কোষ নামৰ কিউআৰ স্কেন ব্যৱস্থাৰো শুভাৰম্ভ কৰে৷ অনুষ্ঠানসমূহত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অজন্তা নেওগ, ৰঞ্জিত কুমাৰ দাস, নন্দিতা গর্লোচা, জয়ন্ত মল্লবৰুৱা, সাংসদদ্বয় দিলীপ শইকীয়া আৰু কুইন ওজা, জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকা, বিধায়ক তথা ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ সভাপতি ভৱেশ কলিতা, বিধায়ক দিগন্ত বর্মন, বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচী প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷