নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ গণেশ মন্দিৰ চ’কৰ কটলা বৰকুছি মিলনপুৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ অধীনস্থ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰৰ ২ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে “চিলাৰায় ভৱন”ৰ আধাৰশিলা স্থাপন কৰে। তাৰ পিছতে জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ডাঃ সমৰ তালুকদাৰে আঁত ধৰা অনুষ্ঠানত কোচ ৰাজবংশী সকলৰ পৰাম্পৰাগত সাজপোছাকৰে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, সাংসদ কুইন ওজাক। সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে-আমাৰ চৰকাৰে কোচ ৰাজবংশী উন্নয়ন পৰিষদক বিভিন্ন উন্নয়ন মুলক কামৰ বাবে বছৰি ২৫ কোটিকৈ ১২৫ কোটি টকাৰ অনুমোদন কৰিছে। আনহাতে মেডিকেল কলেজকে ধৰি যিকোনো শৈক্ষিক প্ৰতিস্থানত আসন সংৰক্ষণ কৰা হব বুলিও জানিবলৈ দিয়ে। আনহাতে কমতাপুৰ স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰিব বুলিও জনায়। অনুষ্ঠানত উপস্থিত থাকে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি ডঃ ৰবীন দাস, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক ৰণাদিত্য বৰ্মন, সভানেত্ৰী বিজুলী ৰাজবংশী, জিলা কোচ ৰাজবংশী সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি বীৰেন ৰাজবংশী আদি।
প্ৰেৰক বীৰেন কলিতা