নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ বিয়োগৰ শোকৰ মাজতে বাতৰিকাকত বিতৰণ হৰি দাসৰ

🔹 নগাঁৱত কর্তব্যনিষ্ঠাৰ উৎকৃষ্ট নির্দশন

বিশেষ বার্তা ৪ জুলাই : নগাঁও চহৰত দেখা গ’ল এটি বিশেষ দৃশ্য৷ চহৰখনৰ বিভিন্ন পথত দেখা গ’ল এই দৃশ্য৷ নিজৰ পিতৃৰ বিয়োগৰ শোককো আওকাণ কৰি এজন যুৱকে কালি পুৱাই চাইকেলত বাতৰিকাকত লৈ ঘৰে ঘৰে বিতৰণ কৰে৷ নগাঁও চহৰৰ পলিৰোড আনন্দ নগৰৰ বাসিন্দা হৰি দাস নামৰ বাতৰিকাকত বিতৰক (হকাৰ)গৰাকীৰ পিতৃৰ সাত দিন পূর্বে মৃত্যু হৈছিল৷ চতুর্থ দিনৰ পৰা হৰি দাসে পিতৃৰ বিয়োগৰ পিছত মানিবলগীয়া সকলো ৰীতি–নীতি, নিয়ম আদি পালন কৰি নিচেই পুৱাতেই প্রতিকূল বতৰকো আওকাণ কৰি বাতৰিকাকত বিতৰণ কৰে৷ সামাজিক ৰীতি–নীতিৰ মাজেৰে ব্রত পালন কৰাৰ লগতে নিজ কর্তব্যনিষ্ঠাৰ এক উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে হৰি দাসে ৷ উল্লেখ্য যে হৰি দাসৰ পিতৃ প্রহ্লাদ দাসৰ (৮৫) ২৬ জুনত মৃত্যু হয়৷ বিভিন্ন উৎসৱ আদিত ঢাক বজাই জীৱিকা নির্বাহ কৰা প্রহ্লাদ দাসৰ মৃত্যুৰ পিছত পৰিয়ালটোলৈ নামি আহিছে অমানিশা৷ আর্থিকভাৱে অতি দুর্বল হৰি দাসে পিতৃৰ বিয়োগত তিনি দিন সামাজিক ৰীতি–নীতিৰ বাবে বাতৰিকাকত বিলোৱা নাছিল৷ তিলনি পালন কৰাৰ পিছত পুনৰ চতুর্থ দিনৰ পৰা কাকত বিলাইছে৷ বগা সাজ পিন্ধি, খালী ভৰিৰেই চাইকেল লৈ পুৱাতেই চহৰখনৰ বিভিন্ন পথৰ বাতৰিকাকতৰ গ্রাহকৰ ঘৰত তেওঁ কাকত বিলায়৷ এই বিশেষ দৃশ্য প্রত্যক্ষ কৰি প্রাতঃভ্রমণলৈ অহা একাংশ লোক আৱেগিক হৈ পৰা দেখা যায়৷ হৰি দাসে এই সন্দর্ভত কয়– দেউতাৰ মৃত্যু হোৱা আঠ দিন হ’ল৷ বাতৰিকাকত নিবিলালে নহয় ৷ নহ’লে ঘৰ নচলে৷ খাবতো লাগিব৷ লঘোনে থাকি চাইকেল চলোৱাত অসুবিধা হয়৷ উপায় নাই৷ সেইবাবে বাতৰিকাকত বিলাবলৈ ওলাই আহিছোঁ৷ নগাঁৱৰ সৰকাৰ বুক ষ্টল আৰু ৰুমী ৰূপক এণ্টাৰপ্রাইজৰ পৰা কাকত লৈ চহৰখনৰ ১৩০গৰাকী গ্রাহকৰ ঘৰত হৰি দাসে প্রতিদিনে পুৱাই চাইকেল মাৰি কাকত বিলাই আহিছে৷ পিতৃৰ বিয়োগৰ পিছত কোনেও তেওঁক সহায় কৰা নাই৷ এনেদৰেই আর্থিকভাৱে দুর্বল হৰি দাসে চলাই গৈছে কঠোৰ জীৱন সংগ্রাম ৷ জীয়াই থকাৰ তাড়নাত পিতৃৰ বিয়োগৰ পিছতো নিজৰ কর্তব্য সম্পাদন কৰিব লগা হৈছে ৷ জীয়াই থকাৰ হেঁপাহ আৰু পেটৰ ভোক নিবাৰণৰ বাবে এইদৰে হৰিয়ে পালন কৰি গৈছে নিজ কর্তব্য আৰু দায়িত্ব৷

You might also like