নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়া নকৰালেও হাৰিয়ানাত চৰকাৰী পেন্সনৰ সুযোগ

বিশেষ বাৰ্তা, ৫ জুলাইঃ এইবাৰ অবিবাহিত পুৰুষ আৰু মহিলাসকলৰ বাবে পেন্সন প্রকল্প আৰম্ভ কৰাৰ পৰিকল্পনা লৈছে হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খাট্টাৰৰ চৰকাৰে৷ খাট্টাৰে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ৪৫ৰ পৰা ৬০ বছৰ বয়সীয়া অবিবাহিতসকলৰ বাবে এক পেন্সন প্রকল্প আৰম্ভ কৰাৰ পৰিকল্পনা লৈছে৷ কার্ণাল জিলাৰ কমলপুৰা গাঁৱত ‘জন সংবাদ’ কর্মসূচীত অংশগ্রহণ কৰি খাট্টাৰে এই কথা উল্লেখ কৰে৷ স্মর্তব্য যে ৬০ বছৰ বয়সীয়া অবিবাহিতসকলৰ পেন্সন প্রকল্প আৰম্ভ কৰাৰ বিষয়টোক লৈ জনগণৰ প্রশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল মুখ্যমন্ত্রীগৰাকী৷ গতিকে ইয়াৰ প্রতিক্রিয়া হিচাপে মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্য চৰকাৰে শীঘ্রে অবিবাহিতসকলৰ বাবে পেন্সন প্রকল্প আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰে৷ এমাহৰ ভিতৰতে চৰকাৰে এই প্রকল্পৰ বিষয়ে সিদ্ধান্ত ল’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ হাৰিয়ানা চৰকাৰৰ প্রস্তাৱিত প্রকল্পৰ ফলত প্রায় ২ লাখ লোক উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে৷ এই কর্মসূচী চলাৰ সময়ত বৃদ্ধ পেন্সন ২৫০ টকাকৈ বৃদ্ধি কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ অবিবাহিতসকলৰ পেন্সন বৃদ্ধ পেন্সনৰ সমান অর্থাৎ, মাহিলি ৩ হাজাৰ টকা হ’ব পাৰে বুলি ইংগিত দিয়ে খাট্টাৰে৷

You might also like