নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰবীন্দ্ৰ নাথ শইকীয়ালৈ জীৱনজোৰা সাধনা বঁটা

বিশেষ বাৰ্তা, ৫ জুলাই : অবিভক্ত নগাঁও জিলাৰ প্ৰবীণ চিকিৎসক তথা প্ৰথম গৰাকী শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰবীন্দ্ৰ নাথ শইকীয়াক ইণ্ডিয়ান একাডেমি অব পেডিয়াট্ৰিকৰ নগাঁও শাখাই জীৱনজোৰা সাধনা বঁটা-২০২৩ৰে বিভূষিত কৰিছে। অলপতে নগাঁও বাইপাছৰ ৰিফেচক’ হোটেলৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীণ চিকিৎসকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। শিশুৰোগৰ ক্ষেত্ৰত থকা অসাধাৰণ কৃতিত্ব, অৱদান আৰু সেৱাৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে। এই অনুষ্ঠানত জেষ্ঠ চিকিৎসক ডা: লোকজিৎ বড়ো, ডা: মুকুট শৰ্মা, ডা:প্ৰয়াগ শইকীয়া, ডা: ভৱজ্যোতি বৰা, ডা: অঞ্জু বৰা, ডা: দিবন বৰা আদি উপস্থিত থাকে।

প্ৰেৰক কনক হাজৰিকা

You might also like