নিয়মীয়া বার্তা, ৫ জুলাইঃ নলবাৰীত এতিয়া কেঁচা সামগ্ৰীৰ ঊৰ্ধ্বমুখী দামে সাধাৰন ৰাইজক জলাকলা খুৱাইছে ৷ বছৰৰ প্রথমটো বানে নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলক চুই থকা মৰা পাগলদিয়া,কানাইখুন্দা আৰু বুঢ়াদিয়া নৈৰ পানীয়ে বিস্তীর্ন অঞ্চলৰ কেবাঠাইত মথাউৰি চিঙাৰ লগতে ঠায়ে ঠায়ে মথাউৰিৰ ওপৰেৰে বাগৰি ভিন্য প্রান্তৰ আমনি, কুলবিল, সাহপুৰ, পূর্ণা, বৰপিত, পখুৰা, লখোপুৰ, সোনোৰা, কৈঠালকুছি,বালি আদি অঞ্চলৰ মানুহৰ ঘৰদুৱাৰৰ লগতে খেতিপথাৰৰ খাৰিফ শস্য জিকা, ভেণ্ডি, তিঁয়হ, খেছ, পানীকোমোৰা, জলকীয়া, অমিতা, বিলাহী আদি শস্যসমুহ পানীয়ে চুচুর্ম কৰি নিয়াৰ ফলতে সকলো শস্য শুকাই যোৱাৰ ফলত খেতিয়কে মূৰে কপালে হাত দিব লগা হৈছে ৷ গাঠিৰ ধন খৰচ কৰি শস্য সমূহ ৰোপন কৰি তাৰ ফলসমূহ বজাৰত বিক্রী কৰি সেই পইছাৰে নিজৰ পৰিয়াল সমূহ কেনেবাকৈ জোৰাটাপলি মাৰি চলি থাকে তাৰ মাজতে যদি কিবা প্রাকৃতিক দুর্যোগে অনিষ্ট কৰে তেতিয়া আৰু উপাই নোহোৱা হৈ পৰে৷ এইবাৰ প্রথমটো বানে শস্যৰ লগতে ব্যৱসায় ভিত্তিত মাছ খেতি কৰা মৎস্যজীৱী সকলোৰে বহুত অনিষ্ট হৈছে৷ বর্তমান পশ্চিম নলবাৰীৰ নদলা, শোলমাৰা, কৈঠালকুছি, বেলশৰ, নদ্দী আদি সমূহৰ বজাৰ সমূহত প্রতিতো কেঁচা সামগ্রীৰ ঊৰ্ধ্বমুখী দাম হোৱা দেখা যাই ৷ আলু প্রতিকেজিত ৩০ টকাৰ পৰা ৪০ টকা, জিকা, ভেণ্ডি, পটল, অমিতা আদিৰ প্রতিকেজিত ৭০ টকাৰ পৰা ৮০ টকা, জলকীয়া প্রতিকেজিত ৩০০ টকা, বিলাহী প্রতিকেজিত ২০০ টকা পিয়াজ ৪০ টকা, আৰু ৰৌ, ভকুৱা, গ্রাছ, কমনকার্ড আদি মাছৰ প্রতিকেজিত ৩০০ টকাৰ পৰা ৩৫০ টকা, অন্য কিবা সৰু মাছ, পুঠি, গৰৈ, চেং আদি সমুহতো ২০০ৰ পৰা ২৫০ টকা দৰত বজিৰত গ্রাহকে কিনিব লগা হৈছে ৷ এতিয়া সাধাৰন মানুহৰ বাবে বজাৰৰ সামগ্রী কিনাৰ পৰিবর্তে চাই আনন্দ লোৱাৰ বাহিৰে আন একো উপাই নোহোৱা হৈছে ৷ অতিশিঘ্রে যদি চৰকাৰৰ তৰফৰ পৰা এইবোৰ সামগ্রী বিক্রীৰ ক্ষেত্রত কিবা ব্যৱস্থা নকৰে তেতিয়া বহুত মানুহে নাখাই মৰিব লাগিব ৷ যিহেতু এইবোৰ অন্য ঠাইৰ পৰা আমদানি কৰিব লাগিব গতিকে চৰকাৰে বিক্রীৰ ক্ষেত্রত এটা নির্দ্দিস্ত দাম ধৰি দিয়ক নহলে কিন্তু গ্রাহক আৰু বিক্রেতাৰ মাজত কেতিয়াবা অপ্রিতিকৰ ঘটনা ঘতাৰ সম্ভবনা নুই কৰিব নোৱাৰি ৷ এতিয়া মানুহে বজাৰৰ পৰা যদি কিবা কেছা চপজি ১ কেজি আনিব গৈছিল গ্রাহক জনে ২৫০ গ্রাম আনিবলগীয়া হৈছে, কিছুমানে বস্তুৰ দাম সুধি নিকিনাকৈ ঘৰলৈ উভতি আহিবলগীয়া পৰিস্থিতি হৈছে ৷ উপায় নাই সকলো এতিয়া চৰকাৰৰ হাতত ৷
প্রেৰক তপন কুমাৰ শর্মা