🔴আহোম জনগোষ্ঠীৰ ওচৰত নিঃচৰ্ত ভাৱে ক্ষমা খোজাৰ দাবী
বিশেষ বাৰ্তা, ৫ জুলাইঃ ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছতে সমগ্ৰ অসমতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে কিছুদিনৰ পূৰ্বে শিৱসাগৰ বিধান সভা সমষ্টিটোত পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যথেষ্ট আসোঁৱাহ সৃষ্টি হোৱাৰ প্ৰতিবাদত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে একেলগে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এখন ফটোগ্ৰাফ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যত শাসকীয় দলে আৰম্ভ কৰিছে ‘তিনি গগৈ’ কেন্দ্ৰ কৰি বোকা ছটিওৱা ৰাজনীতি । ইয়াৰ মাজতে ৪ জুলাইত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰম তাচ্ছিল্য কৰি ‘তিনি গগৈ’ কি ? পাঁচ হাজাৰ গগৈ আহিলেও আমাৰ চৰকাৰক একো কৰিব নোৱাৰে’ বুলি দম্ভালি মৰাৰ পিছতে এইবাৰ কেবিনেট মন্ত্ৰীগৰাকীক উভটি ধৰিছে উজনি অসমৰ টাই আহোম জনগোষ্ঠীৰ অন্যতম শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদ চমুকৈ ‘টাইপা’য়ে। ‘টাইপা’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় চন্দ্ৰ ৰাজকোঁৱৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে এক ভি ডি অ’ৰ জৰিয়তে উল্লেখ কৰিছে যে, যোৱা কিছুদিন ধৰি ‘গগৈ’ উপাধিক লৈ বহুকেইজন ৰাজনৈতিক নেতাই চৰম তুচ্ছ-তাচ্ছিল্য কৰি আহিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত শিৱসাগৰত যি আন্দোলন কিছুদিনৰ পূৰ্বে হৈছিল। উক্ত আন্দোলনত তিনিটা ৰাজনৈতিক দলে অংশ গ্ৰহণ কৰিছিল । আন্দোলনত কেৱল গগৈ উপাধিধাৰী ব্যক্তি নাছিল। যত নেকি বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ দৰে ৰাজনৈতিক নেতাও উপস্থিত আছিল। কিন্তু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘গগৈ’ক লৈ যি মন্তব্য কৰিছে। ইয়াৰ দ্বাৰা উজনি অসমৰ আহোম জনগোষ্ঠীটোক ক্ষোভিত কৰি তুলিছে। কিয়নো ২০১৬ আৰু ২০২১ চনৰ নিৰ্বাচনত উজনিৰ অসমৰ আহোম জনগোষ্ঠীৰ ভোট লাভ কৰিয়েই তেখেতসকলে দিছপুৰত চৰকাৰ গঠন কৰিছে। তেনেস্থলত ‘গগৈ’ উপাধিধাৰী আহোম জনগোষ্ঠীক লৈ মন্ত্ৰীগৰাকীয়ে কৰা তুচ্ছ-তাচ্ছিল্য কৰা বিষয়টো ‘টাইপা’য়ে কেতিয়াও সহ্য নকৰে । শীঘ্ৰে কেবিনেট মন্ত্ৰীগৰাকীক উজনি অসমৰ আহোম জনগোষ্ঠীৰ ওচৰত নিঃচৰ্তভাৱে ক্ষমা খোজাৰ দাবী জনাই ‘টাইপা’ৰ সভাপতি বিজয় চন্দ্ৰ ৰাজকোঁৱৰে। অন্যথা উজনি অসমত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰৱেশত সংগঠনটোৱে তীব্ৰ বাধা প্ৰদান কৰিব আৰু ইয়াৰ দ্বাৰা শাসকীয় চৰকাৰখন সমাগত নিৰ্বাচনত উজনিত মুখ থেকেচা খাব বুলিও ‘টাইপা’ৰ সভাপতিগৰাকীয়ে চৰম সকীয়নি প্ৰদান কৰিছে ।
প্ৰেৰক দীপাংকৰ পাল