নিয়মীয়াবাৰ্তা, ৫ জুলাই : কমলপুৰৰ নাঙালকাটাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। যোৱা ১০ জুনত সমাধিস্থ কৰা যুৱক মুন আলী (২১)ৰ মৃতদেহ খান্দি উলিয়ালে কমলপুৰ আৰক্ষীয়ে। মুন আলীৰ মৃত্যুৰ কেইদিনমান পিছত তেওঁৰ ম’বাইলত থকা এটা ভিডিঅ’ ৰেকৰ্ডিঙে মুন আলীৰ মৃত্যু যে স্বাভাৱিক নাছিল ইয়াত সন্দেহ ওপজে পৰিয়ালৰ লোকৰ। ১০ জুনৰ পুৱা প্ৰায় ১০ বজাত মুন আলীৰ মৃতদেহ ঘৰৰ পুখুৰীৰ পাৰত প্ৰত্যেক্ষ কৰে পৰিয়ালৰ লোকে। মৃতদেহ প্ৰত্যেক্ষ কৰাৰ পিছতে অঞ্চলটোত লাগে হুৱাদুৱা। পিছত কমলপুৰস্থিত মহাত্মা গান্ধী আদৰ্শ হাস্পতালত মুন আলীক লৈ অনা হয় যদিও চিকিৎসকে মুন আলীক মৃত ঘোষণা কৰে। পিছত কেইগৰাকীমান লোকৰ প্ৰৰোচনাত মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ পৰিবৰ্তে ঘৰলৈ লৈ যায়। ঘৰলৈ নি মুন আলীৰ মৃতদেহ ৰাজহুৱা কবৰস্থানত জানাজা সম্পন্ন কৰিছিল। কেইদিনমান পিছত পৰিয়ালৰ লোকে মুন আলীৰ ম’বাইলৰ লক্ খুলি এটা ভিডিঅ’ ৰেকৰ্ডিং প্ৰত্যেক্ষ কৰে। এই ভিডিঅ’টো প্ৰত্যেক্ষ কৰাৰ পিছত মুন আলীৰ মৃত্যু অধিক ৰহস্যঘন কৰি তোলে। কিয়নো নিকটতে থকা ড্ৰাগছ সৰবৰাহকাৰী ৰাজীব আলীৰে মুন আলীৰ মৃত্যুৰ পূৰ্বে ড্ৰাগছ সেৱনক লৈ এটা ভিডিঅ’ ৰেকৰৰ্ডিং কৰিছিল মুন আলীয়ে। ভিডিঅ’টোত ড্ৰাগছ নললে মৃত্যুৰ ভাবুকি দিছিল ৰাজীৱ আলীয়ে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, মুন আলী পূৰ্বে ড্ৰাগছ আসক্ত আছিল যদিও পিছত ছয় মাহৰ পৰা বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ পিছত ড্ৰাগছ লোৱা বন্ধ কৰিছিল। এইটো মূৰৰ কামোৰণি হৈ পৰিছিল ড্ৰাগছ সৰবৰাহকাৰী ৰাজীব আলীৰ। ইফালে মৃত্যুৰ পিছতে ৰাজিব আলীয়ে মুন আলীৰ মৃতস্থানৰ পৰা ড্ৰাগছৰ কন্টেনাৰ, বিষাক্ত ড্ৰব উদ্ধাৰ কৰি নিয়া একাংশ স্থানীয় লোকে প্ৰত্যেক্ষ কৰাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে। ২০ দিন উকলি যোৱাৰ পিছত পৰিয়ালৰ লোকে মুন আলীৰ মৃত্যুৰ তদন্ত বিচাৰি কমলপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। এজাহৰৰ লগত পৰিয়ালৰ লোকে মুন আলীক যে ৰাজীব আলীয়ে পৰিকল্পিতভাৱে হত্যা কৰিছিল ইয়াৰ বিভিন্ন তথ্য আৰক্ষীক দাখিল কৰে। আজি ন্যায়ালয়ৰ অনুমতি লৈ স্থানীয় দণ্ডাধীশ পৰীক্ষিত ফুকনৰ উপস্থিতিত ২৫ দিনৰ মূৰত উৱলি যোৱা মুন আলীৰ মৃতদেহটো কমলপুৰ আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। মুন আলীৰ মৃত্যুৰ পিছতে ৰাজীব আলীসহ পৰিয়ালৰ লোক পলাতক হৈ আছে বুলি স্থানীয় গাঁওবাসীয়ে জানিবলৈ দিছে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কমলপুৰ আৰক্ষীয়ে ।
প্ৰেৰক দীপক দাস