নিয়মীয়া বাৰ্তা, ৫ জুলাই : উজনি মাজুলী ৰতনপুৰ মিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুলি গাৱঁত মাটিবাৰীক লৈ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছে সংঘাতৰ৷ মালা সম্প্ৰদায়ৰ কেইটামান পৰিয়ালৰ মাটি কুলী গাঁৱৰ ৰাইজে দখল কৰাৰ চেষ্টা কৰা বুলি জীৱন সম্পতিৰ নিৰাপত্তাৰ স্বাৰ্থত কোলাত কেঁচুৱা লৈ আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত কুলী গাৱঁৰ কেইবাটাও মালা সম্পদায়ৰ পৰিয়াল। মাটি বাৰীক লৈ গোষ্ঠী সংঘৰ্ষ হোৱাৰ দিশে উজনি মাজুলী কুলি গাঁও। ঘটনাৰ বিৱৰণী অনুসৰি মালা সম্প্ৰদায়ৰ লোকসকলে কুলী গাঁৱত আজিৰ পৰা প্ৰায় ২০০ বছৰ আগৰে পৰা বসবাস কৰি আহিছে । কিন্তু কুলি গাঁৱৰ মিচিং সম্পদায়ৰ ৰাইজে দখল কৰিব বিচাৰিছে মালা সম্প্ৰদায়ৰ লোকে দীৰ্ঘদিনৰ পৰা দখল কৰি থকা এদোখৰ মাটি ৷ যাক লৈ গাঁওখনত আজি কিছুদিনৰ পৰা হৈ-চৈ লাগি থকাৰ পিছত আজি বিষয়টো আৰক্ষী অধীক্ষকৰ ওচৰ পায়গৈ ৷ মালা সম্প্ৰদায়ৰ লোকসকলে সংবাদ মাধ্যমৰ আগত জনোৱা মতে গাঁওখনৰ মিচিং সম্পদায়ৰ লোকসকলে মালা কেইঘৰৰ মাটিত নিজে সাজি লোৱাই গোহালিত বান্ধিবলে নিদিয়ে গৰু। মালাসকলৰ বাৰীত থকা বহু বাহঁ গছ কাটি তহিলং কৰিলে একাংশ লোকে ৷ ভয় ভাবুকি প্ৰদান কৰি মালা পৰিয়ালকেইটাৰ ওপৰত জোৰজুলুম কৰাৰ অভিযোগ মালা পৰিয়ালকেইটাৰ । মালা সম্প্ৰদায়ৰ লোকসকলে বৰ্তমান বিজেপি চৰকাৰ দিনত আমি হিন্দু হৈয়ো হিন্দুৰ দ্বাৰাই পীড়িত হব লগা হৈছে, আমাৰ এনেও ইমান মাটিবাৰী নাই ককা-আজোককাৰ দিনৰ পৰা আমি ভোগ কৰি থকা আমাৰ নামত কাগজপত্ৰ থকা মাটি-বাৰীকেইডৰা কেনেকৈ তেওঁলোকক দি দিম, আমাক উচিত বিচাৰ লাগে আমাৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰিব লাগে বুলি কৈ তেওঁলোকে আমি হিন্দু হৈ জীয়াই থাকিবলৈ কঠিন হৈ পৰিছে। আমাতকে মুছলিমসকলেই বহুত ভালদৰে আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। আনহাতেদি কুলী গাঁৱৰ এজন সচেতন যুৱকে কয় মালা পৰিয়ালকেইটাৰ সৈতে আলোচনা-বিলোচনা কৰিহে এইখিনি বিল আৰু পথৰ কাষৰ মাটি ৰাইজে এক ৰাজহুৱা সম্পত্তি হিচাপে সংৰক্ষণ কৰিব বিচাৰিছে ৷ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠাৰ বাবেহে হস্তগত কৰিব বিচাৰিছে, এয়া কোনো সাম্পদায়িক সংৰ্ঘষ সৃষ্টিৰ বাবে নহয়, এই পথৰ কাষৰ মাটিডোখৰ ৰাইজৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠা হলে ইয়াৰ সুবিধা কি মালা কি মিচিং সকলোৱে উপভোগ কৰিব পাৰিব বুলি মন্তব্য কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড