নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ চাইকেল প্ৰদানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

বিশেষ বাৰ্তা, ৫ জুলাইঃ বিদ্যালয়ৰ ছাত্র–ছাত্রীক ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰ৷ নৱম শ্রেণীৰ শিক্ষার্থীক প্রদান কৰিব চাইকেল৷ আজি ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত চৰকাৰী আৰু প্রাদেশিকৃত বিদ্যালয়ত অধ্যয়ন কৰা নৱম শ্রেণীৰ ৩.৭৮ লাখ ছাত্র–ছাত্রীক একোখনকৈ চাইকেল প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইয়াৰ ব্যয়ৰ বাবে আজি কেবিনেটে ১৬৭ কোটি টকাৰ অনুমোদন জনায়৷ মনকৰিবলগীয়া যে উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত উত্তীর্ণ ছাত্র–ছাত্রীসকলৰ মাজত স্কুটী প্রদানৰ পাছত এইবাৰ নৱম শ্রেণীৰ শিক্ষার্থীলৈ চাইকেল প্রদানৰ ঘোষণাই স্বাভাৱিকতে শিক্ষার্থীসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক উছাহ৷

You might also like