নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউৰ বিস্তীৰ্ণ ঠাই জলমগ্ন

বিশেষ বাৰ্তা, সোণাৰি, ৭ জুলাই : যোৱানিশাৰ ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰু মথুৰাপুৰৰ বিভিন্ন অঞ্চল বুৰাই পেলাইছে । যোৱানিশা চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া নগা ৰাজ্যত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত নিমনা নৈ, দিজৈখনা, সৰু নদীকে ধৰি সৰু-বৰ নৈবোৰৰ বুকু পানীৰে উপচি পৰাৰ ফলত টেঙাপুখুৰীৰ সমীপৱৰ্তী নিমনাগড়, দ’লবাগান, কলিয়ামাটি, দুৱৰা গাঁও, বানটুং, চোলাধৰা, খনিকৰ গাঁও, লাহন গাঁও আদি অঞ্চলসমূহ জলমগ্ন হৈ পৰিছে। বাঢ়নী পানীয়ে অঞ্চলসমূহৰ কিছুসংখ্যক লোকৰ ঘৰ-দুৱাৰৰ লগতে শ শ হেক্টৰ কৃষিভূমি, শাক-পাচলিৰ বাৰী, শালি খেতিৰ কঠীয়া, কেইবাটাও বৃহৎ আকাৰৰ পুখুৰী আদি বুৰাই পেলাইছে। ইফালে, মথুৰাপুৰতো লাচিত নগৰ, বীচা নগৰৰ লগতে মথুৰাপুৰ মাজগাঁও, ভকত গাঁও আদিত বৰষুণৰ পানীয়ে বহুসংখ্যক খেতিয়কৰ শালি কঠীয়াৰ লগতে মৎস্য পালনৰ পুখুৰীও বুৰাই পেলাইছে। বাঢ়নী পানীৰ ফলত অঞ্চলটোৰ জনসাধাৰণে যাতায়াতৰ লগতে আজি স্বাভাৱিক জীৱন যাত্ৰাত দুর্ভোগ ভুগিবলগীয়াত পৰে ।
প্ৰেৰক দীপাংকৰ পাল
You might also like