নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁৱত অগ্নি-আপদকালীন সেৱা আস্থান উদ্বোধন বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ

নিয়মীয়া বাৰ্তা, ৭ জুলাই : দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত এক অভাৱ পূৰণ হ’ল বাসুগাঁও অঞ্চলৰ । তাৰে অংশস্বৰূপে আজি অগ্নি আৰু আপদকালীন সেৱা আস্থান উদ্বোধন কৰি বাসুগাঁও অঞ্চলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে বিভাগটোৱে। বাসুগাঁও চহৰৰ ৪ নং ৱাৰ্ড বাসুগাঁও-ছালাকাটি পথৰ কাষত অগ্নি আৰু আপদকালীন সেৱা আস্থানটি ফিতা কাটি শুভ উদ্বোধন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। তেওঁ ফিতা কাটি বাসুগাঁও অঞ্চলৰ এক অভাৱ পূৰণ হোৱাৰ কথা উল্লেখ কৰি চহৰখনৰ বিভিন্ন পথ-উপপথ অতি ঠেক হোৱাৰ কথা উল্লেখ কৰি আহল-বহল কৰাৰ লগতে চহৰখনৰ জহি-খহি যোৱা বাট-পথসমূহ মেৰামতিকে আদি কৰি অন্যান্য সমস্যা দূৰ কৰাৰ বাবে চলিত মাহৰ এঘাৰ তাৰিখৰ পিছত ২০ জুলাইৰ আগত বাসুগাঁৱত আহি পৌৰসভাৰ সভাপতিকে আদি কৰি বিভিন্নজনৰ সতে কথা পাতি এক উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হ’ব বুলি ভাষণ প্ৰসংগত ব্যক্ত কৰে । অগ্নি আৰু আপদকালীন সেৱাৰ উপ-মহাপৰিদৰ্শক আই পি এছ সৈতেন্দ্ৰ নাৰায়ণ সিঙে বহু পৰিয়ালে নিজৰ ঘৰ-দুৱাৰসমূহ আহল-বহল কৰি নিৰ্মাণ কৰাৰ বাবে পথৰ কাষৰ মাটি বেদখল কৰি চহৰৰ বাট-পথসমূহ অতি ঠেক কৰি তোলাৰ ফলত দুৰ্যোগৰ সময়ত অগ্নি নিৰ্বাপণৰ বাহনসমূহ সোমোৱাত অসুবিধা হ’ব বুলি স্পষ্টভাৱে উল্লেখ কৰে । লগতে অগ্নিনিৰ্বাপক বাহনসমূহত পানী উত্তোলনৰ বাবে যাৱতীয় ব্যৱস্থা থকাৰ কথা উল্লেখ কৰি মাত্ৰ ন মিনিটতে যিহেতু পানী শেষ হ’ব, গতিকে পানী শেষ হোৱাৰ পিছত কমকৈ পানী টেংকৰ ভিতৰত অনা বুলি শিল বা পাথৰ নামাৰিবলৈ ৰাইজক আহ্বান জনায় । চিৰাং জিলা উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা আদিয়েও চমু ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত বি টি আৰৰ পাৰিষদ চাইখৌং বসুমতাৰী, মাধৱ চেত্ৰী আৰু প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like