নিয়মীয়া বাৰ্তা, ৭ জুলাই : আজি লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্পৰ পুনৰ উজ্জীৱিত কৰাৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৰা পৰিৱেশ অনুমোদনপ্ৰাপ্ত কৰাৰ বাবে লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এক লোক শুনানি কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত অসম প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ ডিব্ৰুগড় শাখাৰ অভিযন্তা ধীৰেন পেগু, তিনিচুকীয়া জিলা অতিৰিক্ত উপাযুক্ত পংকজ নাগবংশী, উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মুখ্য মহাপ্ৰবন্ধক এছ পি দত্ত উপস্থিত থাকে। উল্লেখ্য যে ২০২০ চনৰ ২১ মে’ত ক’ল ইণ্ডিয়াই সকলো কাম-কাজ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ৩ জুন ২০২০ তাৰিখৰ পৰা সম্পুৰ্ণভাৱে ক’ল ইণ্ডিয়া বন্ধ কৰি দিয়াৰ এক বিজ্ঞপ্তি ঘোষণা কৰাৰ পিছৰ পৰাই মাৰ্ঘেৰিটাৰ লিডুৰ কয়লা খনি বন্ধ হৈ পৰে। ইংৰাজ কালৰ পৰাই মাৰ্ঘেৰিটাৰ এই কয়লা উদ্যোগটো অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা লৈ আহিছিল। এই উদ্যোগটো বন্ধ হোৱাৰ ফলত কৰ্মৰত কৰ্মচাৰীকে ধৰি ইয়াৰ লগত প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত থকা হাজাৰ হাজাৰ মানুহ নিবনুৱা হৈ পৰে আৰু বহুত নিজৰ কৰ্ম সংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ যবলগীয়া হয়। আজি এই লোক শুনানি অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ লগতে সহস্ৰাধিক লোক উপস্থিত হৈ দাবী উত্থাপন কৰি উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাৰ এই কয়লা উদ্যোগটো জনগণৰ স্বাৰ্থত পুনৰ কাৰ্যক্ষম কৰিবলৈ চৰকাৰক আহ্বান জনায়।
প্ৰেৰক মানস প্ৰতিম গগৈ