বিশেষ বাৰ্তা, ৭ জুলাইঃ শেষতীয়াকৈ সমষ্টি পুনৰ্নিদ্ধাৰণৰ খচৰা তালিকাত প্ৰস্তাৱিত ডিমৰীয়া সমষ্টিৰ নাম ঐতিহাসিক প্ৰাগজ্যোতিষপুৰ কৰাৰ দাবীত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন ৰাজহুৱা স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে বৃহত্তৰ চন্দ্ৰপুৰবাসীয়ে। চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰে স্মাৰক পত্ৰখন। স্মাৰক পত্ৰখনত উল্লেখ কৰিছে যে চন্দ্ৰপুৰ আৰু ডিমৰীয়া অঞ্চল দুটা ভৌগেলিকভাবে একো একোটা আওহতীয়া অঞ্চল। এই নামটোৰ জৰিয়তে ডিমৰীয়াৰ নাম উজলি উঠিব যদিও ইতিহাস জৰিত চন্দ্ৰপুৰ পূৰ্বৰ দৰে অৱহেলিত হৈ থাকিব। সেয়ে প্ৰাগজ্যোতিষপুৰ নামটো যিহেতু অসমৰ পুৰণি নাম আৰু সম্প্ৰতি ইতিহাস প্ৰসিদ্ধ নামটো পাহৰণিৰ গৰ্ভত হেৰাই যোৱা পৰিলক্ষিত হৈছে সেয়ে এই প্ৰস্তাৱিত ডিমৰীয়া সমষ্টিটোৰ নাম প্ৰাগজ্যোতিষপুৰ কৰাৰ সজোৰে দাবী জনাইছে অঞ্চলবাসীয়ে। এই নামটো ব্যৱহাৰ কৰিলে চন্দ্ৰপুৰ আৰু ডিমৰীয়া দুয়োটা নামৰ অস্তিত্ব থাকিব বুলি দাবী জনাই ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাইছে স্মাৰকপত্ৰখনৰ জৰিয়তে। জানিব পৰা মতে একে দাবী জনাই শীঘ্ৰে ৰাজ্যিক নিৰ্বাচন আয়োগকো প্ৰদান কৰিব স্মাৰকপত্ৰ।
প্ৰেৰক বিভাষ দাস