নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বেগজনক : জনসংখ্যাৰ সমানে গুৱাহাটীত বাহনৰ পঞ্জীয়ন

বিশেষ বাৰ্তা, ৮ জুলাই : গুৱাহাটীবাসীৰ বাবে এক উদ্বেগজনক তথ্য।ৰাজধানী চহৰত জনসংখ্যাৰ প্ৰায় সমান হৈছে বাহনৰ সংখ্যা । ১৩ লাখ লোকৰ বিপৰীতে গুৱাহাটী মহানগৰীত পঞ্জীয়ন হৈছে প্ৰায় ১৩ লাখৰ অধিক বাহন। এই তথ্য প্ৰদান কৰিছে কামৰূপ জিলা পৰিবহন বিভাগৰ সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে। ২০১১ চনৰ লোকপিয়ল অনুসৰি গুৱাহাটীৰ জনসংখ্যা আছিল ৯ লাখৰ ওপৰত। আজিলৈকে ইয়াৰ সংখ্যা বৃদ্ধি হৈছে প্ৰায় ১২-১৩ লাখ। পৰিবহণ বিষয়া গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মহানগৰীত বাহনৰ সংখ্যা বৃদ্ধি পাইছে যদিও পথৰ ক্ষমতা দুটা-তিনি দশকৰ আগৰ দৰেই আছে।” ইয়াৰ ফলত সমগ্ৰ চহৰখনতে যান-জঁটৰ সৃষ্টি হৈছে। সেইবাবেই, ৰাজ্য চৰকাৰে চহৰৰ বিভিন্ন ঠাইত ফ্লাই অভাৰ নিৰ্মাণ কৰি আছে, যিয়ে যান-জঁটৰ সমস্যা হ্ৰাস কৰাত বহু পৰিমাণে সহায় কৰিব,”বুলি মন্তব্য কৰে। আনহাতে, ৰাজ্য চৰকাৰে বিগত বৰ্ষত ৯৫ টা যান-বাহন সংযোগস্থলৰ ভিতৰত ২০টাত যাতায়ত নিয়ন্ত্ৰণ আৰু সুশৃংখলিত কৰাৰ বাবে এক সংহত যান-বাহন ব্যৱস্থাপনা ব্যৱস্থা (আই টি এম এছ) উদ্বোধন কৰিছিল। তদুপৰি বিভিন্ন স্থানত স্বয়ংক্ৰিয় চিগনেল লাইট স্থাপন কৰিছিল।কিন্তু এতিয়াও মহানগৰীত বিকল হৈ আছে স্বয়ংক্ৰিয় লাইট।এফালে বিকল চিগনেল লাইট আনফালে দ্ৰুত হাৰত বৃদ্ধি পোৱা যান,বাহনৰ সংখ্যাই গুৱাহাটীবাসীলৈ নমাই আনিছে ভয়ংকৰ বিপদ।কাৰণ যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাইছে বায়ু প্ৰদুষনৰ সংখ্যা।পৰিবহন বিষয়াগৰাকীয়ে প্ৰকাশ কৰা আন এক তথ্য অনুসৰি এতিয়াও মহানগৰীত আঢ়ৈ লাখ গাড়ীৰ নাই পলুশ্যন টেষ্টিংঙৰ প্ৰমাণ পত্ৰ।অৰ্থাৎ পলুশ্যনৰ প্ৰমাণ পত্ৰ নোলোৱাকৈ একাংশ লোকে মহানগৰীত যান,বাহন চলাচল কৰি আছে।যাৰ বাবে অধিক পৰিমাণে প্ৰদুষিত হৈছে বায়ু মণ্ডল। ফলত মহানগৰ বাসীৰ মাজত বৃদ্ধি পাইছে বহু ৰোগ।সেয়েহে অতি জৰুৰী কাম নাথাকিলে ব্যক্তিগত বাহনৰ পৰিবৰ্তে চৰকাৰী বাহনত আহ,যাহ কৰিবলৈ আহ্বান জনাইছে সহকাৰী পৰিবহন আয়ুক্ত গৰাকীয়ে।আনহাতে বাহনৰ পঞ্জীয়নৰ সংখ্যা কিদৰে হ্ৰাস কৰিব পাৰি সেই সন্দৰ্ভত শীৰ্ঘে চৰকাৰে এক নীতি তৈয়াৰ কৰাৰ সময় আহি পৰিছে।

প্ৰেৰক বিকাশ শৰ্মা

You might also like